লখিমপুৰ, 16 এপ্ৰিল : চৌদিশে ৰঙালী বিহুৰ আনন্দ উল্লাস । তাৰ মাজতে শনিবাৰে পুৱাৰ ভাগত লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ ডিক্ৰং নদীৰ বালিচৰত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ অৰ্ধ উলংগ মৃতদেহ (Dead body of a woman recovered in Lakhimpur) ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ৷
পুৱাৰ ভাগত ডিক্ৰং নদীৰ বালিচৰত স্থানীয় ৰাইজে অৰ্ধ উলংগ অৱস্থাত প্ৰত্যক্ষ কৰে এগৰাকী মহিলাৰ মৃতদেহ ৷ তাৰ পাচতে খবৰ দিয়া হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ (Dead body rescue in Lakhimpur) ৷
স্থানীয় লোকৰ সন্দেহ, কোনো লোকে ধৰ্ষণ কৰি হত্যা কৰে মহিলাগৰাকীক আৰু তাৰ পাচতেই এনেদৰে নৈৰ কাষত পেলাই থৈ যায় ৷ বৰ্তমানো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয় ৷ আনকি উদ্ধাৰ হোৱা মৃত মহিলাগৰাকী অৰুণাচল প্ৰদেশৰ নে অসমৰ সেইটো এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই ।
তথ্য অনুসৰি, আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক : Dead body rescue in Guwahati : বামুনীমৈদানৰ নলাত মৃতদেহ উদ্ধাৰ