লখিমপুৰ, ২২ এপ্ৰিলঃ অনলাইন ম'বাইল ক্ৰয় কৰাৰ আগত সাৱধান। অনলাইন ম'বাইল ক্ৰয় কৰি প্ৰৱঞ্চকৰ জালত পৰিল বিহপুৰীয়াৰ দ্বীপ নাথ নামৰ যুৱকজন। বাম্পাৰ অফাৰৰ নামত সৰকালে ৪৮০০ টকা ।
হয়, ৰেডমিৰ ফোনত আছিল বাম্পাৰ অফাৰ । ১৪০০০ টকাৰ ম'বাইল ফোন কেৱল ৪৮০০ টকাত। এই লোভনীয় অফাৰৰ জালতে পৰিল দ্বীপ নাথ । বিহুত নতুন ফোন লোৱাৰ আশাৰে অৰ্ডাৰ দিছিল ফোনটো । অৰ্ডাৰ দিয়া অনুসৰি বিহপুৰীয়া ডাকঘৰলৈ আহিল পাৰ্চেলো । কিন্তু পাৰ্চেল খুলি চাওঁতেহে ওলালে উৰহিৰ ওৰ । ফোন নহয় আহিল এডাল বেল্ট আৰু কাৰ্ড হল্ডাৰ। "দিল্লী ৱালা কোম্পানী" নামৰ বহিঃৰাজ্যৰ কোম্পানীৰ ফোন নাম্বাৰৰ ফোন কৰে যদিও ফোন কাটি দিয়াৰ অভিযোগ গ্ৰাহকজনৰ। এতিয়া উপায় নাপায় শেষত "দিল্লীৱালা কোম্পানী" নামৰ বহিঃৰাজ্যৰ কোম্পানীটো ওপৰত গোচৰ দিয়াৰ সিদ্ধান্ত লৈছে যুৱকজনে।