ETV Bharat / state

Van Mahotsav Week at Lakhimpur :লখিমপুৰত ৭৪ সংখ্যক বন মহোৎসৱত গছ পুলি ৰোপণ - লখিমপুৰত ৭৪ সংখ্যক বন মহোৎসৱত গছ পুলি ৰোপণ

লখিমপুৰৰ কাকৈ সংৰক্ষিত বনাঞ্চলত যোৱা ১৬ মে'ত অৰুণাচলী দুৰ্বৃত্তই কেইবাশ গছ কাটি বিনষ্ট কৰিছিল । শনিবাৰে ৭৪ সংখ্যক বন মহোৎসৱৰ লগত সংগতি ৰাখি বন বিভাগে উক্ত অৰুণাচলীয়ে উপদ্ৰৱ চলোৱা এলেকাত কেইবাশ গছ পুলি ৰোপণ কৰে ।

Van Mahotsav Week at Lakhimpur
৭৪ সংখ্যক বন মহোৎসৱ
author img

By

Published : Jul 1, 2023, 4:30 PM IST

৭৪ সংখ্যক বন মহোৎসৱ

লখিমপুৰ, ১ জুলাই : ১৯৫০ চনৰ পৰাই দেশত ১ জুলাইৰ পৰা ৭ জুলাইলৈ বন মহোৎসৱ পালন কৰি আহিছে । ইয়াৰ সৈতে সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে ৭৪ সংখ্যক বন মহোৎসৱ ৷ শনিবাৰেএই বন মহোৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে গ্ৰহণ কৰা হৈছে গছপুলি ৰোপণ কাৰ্যসূচী ।

অৰুণাচলীয়ে গছ কাটি বিধ্বস্ত কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত গছ পুলি ৰোপণ বন বিভাগৰ । লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তত লাগি থকা পাঁচখন বনাঞ্চলত দীর্ঘদিন ধৰি অৰুণাচলীয়ে গছ বন কাটি বিধ্বস্ত কৰাৰ লগতে আগ্ৰাসন কৰি আহিছে । শেহতীয়াকৈ যোৱা ১৬ মে'ত কাকৈ সংৰক্ষিত বনাঞ্চলৰ ল'ৱাৰ জুমিত অৰুণাচলীয়ে কেইবাশ মূল্য বান গছ কাটি পেলায় । জহিং খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ল'ৱাৰ জুমিত অৰুণাচলীয়ে চলোৱা এই উপদ্ৰৱত বিনষ্ট হোৱা গছৰ জোৰা মাৰিবলৈ শনিবাৰে বন বিভাগে উক্ত এলেকাত কেইবাশ গছ পুলি ৰোপণ কৰে ।

জহিং খণ্ড বন বিষয়া ৰাতুল মহন্তৰ উদ্যোগত আটছা, গোৰ্খা, এজেৱাইচিপি আদি সংগঠনৰ লগতে স্থানীয় ৰাইজৰ সহযোগত এই গছ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় । উল্লেখ্য যে ৭৪ সংখ্যক বন মহোৎসৱৰ আজি প্ৰথম দিনটোতে বন বিভাগে এই কাৰ্যসূচী গ্ৰহণ কৰে । কাৰ্যসূচীত অংশগ্রহণ কৰি বিভিন্ন সংগঠনৰ নেতৃত্বই অসম অৰুণাচল সীমান্তৰ পৰিস্থিতি নিয়ন্ত্রণ কৰাত চৰকাৰ তথা গৃহ বিভাগে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাত ক্ষোভ প্রকাশ কৰে ।

সীমা সমস্যা সমাধানৰ হকে চৰকাৰে যিমানেই আলোচনা, চুক্তি কৰিছে সিমানেই সীমান্তত অশান্তি বৃদ্ধি পাইছে । বাস্তব ক্ষেত্রত পৰিস্থিতি পূৰ্বতকৈয়ো অৱনতিহে ঘটিছে । সীমান্ত এলেকাত বন ধ্বংস,গুলিচালনা,ভাবুকি দি প্ৰায়েই অৰুণাচলীয়ে আগ্ৰাসনৰ চেষ্টা কৰিছে । ৰাইজে এই ক্ষেত্ৰত শীঘ্ৰে শক্তিশালী ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে । আজিৰ গছ পুলি ৰোপণ কাৰ্যসূচীত আঞ্চলিক বন বিষয়া হৰিশ চন্দ্র নাথকে ধৰি বন বিষয়া, কৰ্মচাৰী সকলে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:District Day celebrated in Barpeta: বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.