ETV Bharat / state

কোকৰাঝাৰত চিকিৎসকৰ হেমাহিত কৰুণ মৃত্যু মহিলাৰ - woman died for doctor's negligence

চিকিৎসকৰ হেমাহিয়েই কাল হ'ল এগৰাকী দুৰ্ভগীয়া মহিলাৰ ৷ আঢ়ৈ মহীয়া কেঁচুৱা এৰি মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া মহিলাগৰাকীয়ে ৷

কোকৰাঝাৰত চিকিৎসকৰ হেমাহিত কৰুণ মৃত্যু মহিলাৰ
author img

By

Published : Apr 20, 2019, 12:02 AM IST

কোকৰাঝাৰ, 19 এপ্ৰিল : স্বাস্থ্য বিভাগৰ চৰম হেমাহিৰ পৰিণতিত কোকৰাঝাৰত কৰুণ মৃত্যুক সাৱটিলে আঢ়ৈ মহীয়া কেঁচুৱাৰ মাতৃয়ে ৷ কোকৰাঝাৰৰ আৰ.এন. বি. চিভিল হাস্পতালত বিগত 25 জানুৱাৰীত কন্যা সন্তানৰ জন্ম দিছিল দক্ষিণ শিঙিমাৰী গাঁৱৰ প্ৰদীপ স্বৰ্গীয়াৰীৰ পত্নী হাথৰসী মুছাহাৰীয়ে ৷ কিন্তু অস্ত্ৰোপচাৰৰ জৰিয়তে হোৱা প্ৰসৱৰ আঢ়ৈমাহৰ পাচত মহিলাগৰাকীয়ে পেটৰ বিষ অনুভৱ কৰাত পৰিয়ালৰ লোকে বিগত 17 এপ্ৰিলত মহিলাগৰাকীক পুনৰাই ভৰ্তি কৰোৱাই হাস্পতালখনত ৷

কোকৰাঝাৰত চিকিৎসকৰ হেমাহিত কৰুণ মৃত্যু মহিলাৰ

মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱাৰ পাচতেই পৰিয়ালৰ লোকক কোনো খবৰ নিদিয়াকৈ 18 এপ্ৰিলত মহিলাগৰাকীক অস্ত্ৰোপচাৰ কৰে হাস্পতালৰ খনৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ড. আৰ. এল. আমিনে ৷ কিন্তু অস্ত্ৰোপচাৰৰ পাচতেই মহিলাগৰাকীৰ পেটৰ বিষ আৰু ৰক্তপাত হোৱাত পৰিয়ালৰ লোক অৱগত হয় এই অস্ত্ৰোপচাৰৰ বিষয়ে ৷ উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক বঙাইগাঁৱলৈ লৈ যোৱা হয় যদিও আদবাটতে মৃত্যুক সাৱটে দুৰ্ভগীয়া মহিলাগৰাকীয়ে ৷ এই ঘটনাৰ পাচতে পৰিয়ালৰ লোকে হাস্পতালখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে কোকৰাঝাৰ আৰক্ষী চকীত ৷ আৰক্ষীয়ে ইতিমধ্যেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰি আৰম্ভ কৰিছে নিজ তদন্ত ৷

Intro:চিকিৎসকৰ চৰম গাফিলিটিৰ বাবে কৰুণ মৃত্যক আকোবালি ললে এজন মহিলা: গোচৰ ৰুজু পৰিয়ালৰ।।

কোকৰাঝাৰ, 19 এপ্ৰিল: ৰাজ্যৰ স্বাস্থ্য বিভাগত বিয়াপক পৰিৱৰ্তন অহাৰ বিজেপি নেতৃত্ব চৰকাৰে যি শ্লোগান গাই আছে এই সময়তে কোকৰাঝাৰ আৰ. এন. বি.চিভিল হস্পিতালত, চিকিৎসকৰ ভুলৰ বাবে এজন আঢ়ৈ মহীয়া শিশুৰ মাতৃৰ কৰুণ মৃত্যু সাৱটিলব লগা হোৱাটো কোকৰাঝাৰত বিয়াপক চাঞ্চিল্য সৃষ্টি কৰিছে।

Body:ইতিমধ্যে চলিত বৰ্ষৰ 25 জানুৱাৰীত কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰি খানৰ অন্তৰ্গত দক্ষিণ সিঙিমাৰি গাওঁৰ প্ৰদীপ স্বৰ্গীআৰীৰ পত্নী হাথৰসী মোছাহাৰি (22) কোকৰাঝাৰ আৰ.এন. বি. চিভিল হস্পিতালত অস্ত্ৰপ্ৰচাৰ জুৰিতে এটি নৱজাতক কন্যা সন্তান জন্ম দিয়ে। কিন্তু যোৱা 17 এপ্ৰিলত মহিলাগৰাকী পেটৰ বিষ অনুভৱ হোৱাত পুনৰ পৰিয়াল লোকে হস্পিতালত চেকআপ কাৰণে লয় আনি স্ত্ৰীৰোগ চিকিৎসক ড. আৰ. এল. আমিনক দেখুৱাই আৰু চিকিৎসালয়ত ভৰ্তি কৰায়। 18এপ্ৰিল তথা পিছদিনা কোনো ধৰণৰ প্ৰয়োজন পৰীক্ষা নকৰাকৈ আৰু অভিভাৱকৰ উনুমোটি নোলোৱাকৈ নিজ খিয়াল খুচি অষ্ট্ৰপ্ৰচাৰ কৰে। ফলত পেটৰ বিষ আৰু বহুত ৰক্তপাত হয়। তাৰপিছত বঙাইগাঁও লোৱাৰ আচ্ছাম হস্পিতালত নিয়াৰ পথত মৃত্যু সাৱটি লগা হয় মহিলা গৰাকী।

Conclusion:এই ঘটনাৰ পিছতে পৰিয়ালৰয়ে ন্যায় বিচাৰি কোকৰাঝাৰ সদৰ আৰক্ষীক এটি গছৰ ৰুজু কৰাৰ ভিত্তিত আজি মৃত্যুদে টুক মৰনোতৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে কোকৰাঝাৰ আৰক্ষী।
মোমায়েক দিলীপ খখলাৰী সাংবাদিকৰ আগত চিকিৎসক গৰাকীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা হোৱাটো বিচাৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.