ETV Bharat / state

KLO cadre neutralized: কোকৰাঝাৰ এনকাউণ্টাৰত নিহত দুই KLO ৰ সদস্য

author img

By

Published : Apr 24, 2023, 5:21 PM IST

কোকৰাঝাৰত এনকাউণ্টাৰৰ ঘটনা ৷ আৰক্ষীৰ গুলীত নিহত দুই কেএলঅ’ সদস্য (Two KLO cadre killed in police Encounter) ৷ ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে সদৰী কৰিছে এই তথ্য ৷

KLO people killed in Kokrajhar police Encounter
কোকৰাঝাৰত এনকাউণ্টাৰৰ ঘটনা
কোকৰাঝাৰত এনকাউণ্টাৰৰ ঘটনা

কোকৰাঝাৰ, ২৪ এপ্ৰিল : কোকৰাঝাৰ জিলাৰ মাওৰীয়া গাঁৱত সোমবাৰে সংঘটিত হয় এক এনকাউণ্টাৰ ঘটনা (Kokrajhar police Encounter) ৷ মাওৰেয়া গাঁৱৰ চক্ৰশীলা অভয়াৰণ্যত সংঘটিত হোৱা আৰক্ষীৰ এই এনকাউণ্টাৰত দুই কেএলঅ’ সদস্য নিহত হয় ৷ নিহত কেএলঅ’ সদস্য দুজন ক্ৰমে ওদালগুৰি জিলাৰ ৰৌতাৰ অভিজিৎ ডেকা আৰু বঙাইগাঁও জিলাৰ কাশিডোবাৰ নিপন ৰায় (KLO cadre neutralized in Kokrajhar) ৷

ইফালে কোকৰাঝাৰ আৰক্ষীয়ে চাৰি কেএলঅ’ সদস্যক আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰে এজন সম্প্ৰতি কোকৰাঝাৰ RNB হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে (KLO cadre arrested in Kokrajhar) ৷ আটকাধীন যুৱক কেইজন হৈছে ওদালগুৰিৰল গণেশ বিশ্বাস, অমলজ্যোতি বিশ্বাস, ৰণঞ্জয় লস্কৰ আৰু চিৰাঙৰ প্ৰাণজিৎ ৰায় ৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে, দেওবাৰে বিয়লি জিলাখনৰ বান্দৰপাৰত ৫ জন অচিনাকী যুৱকে আহি পিষ্টল দেখুৱাই এখন দোকানৰ পৰা সামগ্ৰী লৈ উক্ত স্থান ত্যাগ কৰে ৷ ইয়াৰ পিচতে যুৱক দুজনে গাঁওখনৰ এটা স্থানৰ পৰা দুটা ছাগলী ধৰি লৈ চক্ৰশীলা পাহাৰৰ দিশে গুচি যায় ৷ পৰৱৰ্তী পৰ্যায়ত গঞা ৰাইজে এই কথা গম পাই খেদি খেদি গণেশ বিশ্বাসক আটক কৰে ৷ তেতিয়াই বাকী কেইজন যুৱকে গুলী ফুটাই উক্ত স্থানৰ পৰা পলায়ন কৰে (Firing in Kokrajhar) ৷

ভয়ত আতুৰ হৈ গঞা ৰাইজে ঘটনা সন্দৰ্ভত অৱগত কৰে কোকৰাঝাৰ আৰক্ষীক ৷ এই খবৰ লাভ কৰিয়েই সোমবাৰে পুৱাৰে পৰা কোকৰাঝাৰ আৰক্ষীৰ এটা বিশাল বাহিনীয়ে তিনি ফালৰ পৰা ঘেৰি ধৰি চক্ৰশীলা পাহাৰত অভিযান চলায় ৷ এই অভিযানত দুপৰীয়া প্ৰায় ১২:৩০ বজাত যুৱকৰ দলটোৰ সৈতে মুখামুখি হয় আৰক্ষীৰ দলটো ৷ তাৰ পাচতে আৰক্ষীলৈ লক্ষ্য কৰি যুৱককেইজনে গুলীচালনা কৰে ৷

ইয়াৰে প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত দুজন যুৱক থিতাতে নিহত হয় ৷ আৰক্ষীয়ে নিহত যুৱক দুজন কেএলঅ’ৰ সদস্য বুলি সদৰী কৰিছে ৷ ইপিনে আৰক্ষীয়ে তিনিজন যুৱকক আটক কৰাৰ লগতে কেএলঅ’ৰ শিবিৰ এটা ধ্বংস কৰে ৷ ইতিমধ্যে ঘটনাস্থলীৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে দুটা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : Tragic incident in Telangana: এগৰাকী মহিলাক বচাবলৈ গৈ কুঁৱাত জপিয়াই দুজনৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.