ETV Bharat / state

কোকৰাঝাৰত আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষত নিহত 3

কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত ভোটগাঁও কাশিপাৰাস্থিত এলাহাবাদ বেংকত ডকাইতি কাণ্ড সংঘটিত ৷ ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ গুলীচালনাত নিহত হৈছে তিনিটাকৈ ডকাইত ৷

author img

By

Published : Aug 22, 2021, 12:32 PM IST

kokrajhar encounter case
কোকৰাঝাৰত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘৰ্ষ

কোকৰাঝাৰ, 22 আগষ্ট : কোকৰাঝাৰৰ নিকটৱৰ্তী ভোটগাঁৱত শনিবাৰে নিশা সংঘটিত হয় এক গুলীয়াগুলিৰ ঘটনা ৷ ডকাইত আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় তিনিটাকৈ ডকাইত ৷

kokrajhar encounter case
কোকৰাঝাৰত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘৰ্ষ

প্ৰাপ্ত তথ্য অনুসৰি, কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত ভোটগাঁও কাশিপাৰাস্থিত এলাহাবাদ বেংকত শনিবাৰে ডকাইতি কৰিবলৈ আহিছিল ছজনীয়া এটা ডকাইতৰ দল ৷ উক্ত কাণ্ডৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীৰ দলটোক দেখা মাত্ৰকে ডকাইতৰ দলটোৱে গুলীচালনা কৰে । প্ৰত্যুত্তৰত আৰক্ষীয়েও চলায় গুলী ৷ দুয়োপক্ষৰ মাজত হোৱা এই সংঘৰ্ষত নিহত হয় তিনিটাকৈ ডকাইত ৷

কোকৰাঝাৰত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘৰ্ষ

নিহত হোৱা ডকাইত তিনিটাৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ৷ আৰক্ষীৰ সন্দেহ অনুসৰি নিহত দুটা ডকাইত গোৱালপাৰাৰ আৰু আনটো মানকাছাৰৰ । পূৰ্বতে আৰক্ষীৰ গুলীত আহত হোৱা ডকাইত তিনিটাক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

ইয়াৰ বিপৰীতে এই কাণ্ডৰ লগত জড়িত আন তিনিটা ডকাইতে ইতিমধ্যে পলায়ন কৰিছে ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল, গেছ কাটাৰ, দুটা চিলিণ্ডাৰ আৰু ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এখন অট’ (AS ১৮ AC ১৩৩৬) উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

kokrajhar encounter case
কোকৰাঝাৰত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘৰ্ষ

আৰক্ষীৰ সন্দেহ, দলটোৱে গোৱালপাৰাৰ পৰা অট’ৰে আহি এলাহাবাদ বেংকত ডকাইতি সংঘটিত কৰাৰ পৰিকল্পনা যুগুত কৰিছিল । ইপিনে উক্ত ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ লক্ষ্ণৌত উপস্থিত প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.