কোকৰাঝাৰ,15 জুন: বড়ো সাহিত্যৰ বিশিষ্ট শিশু গ্ৰন্থকাৰ লক্ষ্মীনাথ ব্ৰহ্ম আৰু কবি ড° ৰৌজৌব মুছাহাৰীলৈ সাহিত্য অকাডেমী বঁটা ৷ বড়ো সাহিত্যত সলোবাথা খৌনাছং দে ( সাধুকথা শুনো আহক) নামৰ শিশুগ্ৰন্থৰ বাবে লক্ষ্মীনাথ ব্ৰহ্মলৈ সাহিত্য অকাডেমী আৰু সানশ্ৰী মৌনদাংথিনি মৌখাং ( সভ্যতা অনুভৱৰ মুখ) " নামৰ কবিতা পুথিৰ বাবে ড° ৰৌজৌব মুছাহাৰীলৈ যুৱ সাহিত্য অকাডেমী বঁটা ৷
১২ খনতকৈও অধিক শিশুগ্ৰন্থ ৰচনা কৰা প্ৰসিদ্ধ সাহিত্যিকগৰাকীয়ে নৱপ্ৰজন্মৰ শিশুসকলৰ মাজত পঢ়াৰ প্ৰতি ধাউতি বঢ়োৱাৰ উদ্দেশ্য আৰু লক্ষ্যৰে শিশু সাহিত্য ৰচনা কৰি যোৱা বুলি উল্লেখ কৰি তেওঁৰ প্ৰতি এইয়া এক ডাঙৰ স্বীকৃতি বুলি মন্তব্য কৰে ৷ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হোৱা সলোবাথা খৌনাছং দে ( সাধুকথা শুনো আহক) " নামৰ শিশুগ্ৰন্থখন বড়ো সাহিত্য সভাৰ টিপকাই অধিবেশনত উন্মোচন কৰা হৈছিল।