ETV Bharat / state

অসমৰ মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণঃ বলেন বৈশ্য

অসমক মৌলবাদী আৰু জেহাদীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ হ'লে অসমৰ সকলো মাদ্ৰাছাৰ নামত চলা শিক্ষানুষ্ঠান নিষিদ্ধ কৰাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ৷

author img

By

Published : Mar 30, 2019, 11:06 PM IST

অসমৰ মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণ

কোকৰাঝাৰ,30 মাৰ্চ :"অসমত 33 হাজাৰ মাদ্ৰাছা স্কুলত কণ-কণ ল'ৰা-ছোৱালীক ধৰ্মৰ নামত জেহাদীৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু আগন্তুক 20/25 বছৰত অসম কাশ্মীৰত পৰিণত হ'বলৈ গৈ আছে ৷ " এই অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ সভাপতি বলেন বৈশ্যৰ ৷

শনিবাৰে কোকৰাঝাৰৰ মাৰোৱাৰী ভৱনত অনুষ্ঠিত হয় হিন্দু যুৱ ছাত্ৰ পৰিষদৰ এক সংবাদমেল ৷ সংবাদমেলত অসমত জেহাদীৰ উত্থানক লৈ শংকিত হৈ অসমক কাশ্মীৰত পৰিণত কৰিবলৈ কোনোপধ্যে দিয়া নহ'ব বুলি হুংকাৰ দিয়ে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই ৷ লগতে অসমক মৌলবাদী আৰু জেহাদীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ হ'লে অসমৰ সকলো মাদ্ৰাছাৰ নামত চলা শিক্ষানুষ্ঠান নিষিদ্ধ কৰাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ৷ কেৱল ইমানেই নহয়, অসমীয়া ভাষাৰ অস্তিত্বত গাঁৱে-ভূঞে কাঠফুলাৰ দৰে গঢ় লৈ উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে ভাবুকি সৃষ্টি কৰা বুলি উল্লেখ কৰি চৰকাৰক নাকী লগোৱাৰ বাবেও দাবী তোলে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷

অসমৰ মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণ

সংবাদমেলত পূৰ্ববংগীয় মুছলমানৰ জন্ম নিয়ন্ত্ৰণ আৰু মুছলমানসকলৰ বহুবিবাহ শ্বৰিয়ত আইনে অসমত জনসংখ্যা বিস্ফোৰণৰ ভাবুকি সৃষ্টি কৰাৰ দোহাই দি চৰকাৰক কঠোৰতম প্ৰতিৰোধ ব্যৱস্থা কৰাৰ দাবী তোলে সভাপতিগৰাকীয়ে ৷ এইক্ষেত্ৰত অসমখন ত্ৰিপুৰা নহয় অহা 20/25 বছৰত কাশ্মীৰ হ'বলৈ গৈ আছে বুলিও চাঞ্চল্যকৰ অভিযোগ তোলে সভাপতিগৰাকীয়ে ৷ সেয়েহে সংবাদমেলত দেশত হিন্দুত্ব ৰক্ষাৰ বাবে এখন যোগাত্মক দৃষ্টিভংগীৰ চৰকাৰ গঠন হোৱাটো প্ৰয়োজন বুলি কয় বলেন বৈশ্যই ৷ সেয়েহে পুনৰবাৰ হিন্দুত্ব ৰক্ষাৰ বাবে নৰেন্দ্ৰ মোডীয়েই প্ৰধানমন্ত্ৰী হিচাপে কাম্য বুলি মন্তব্য কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ,অসমৰ সভাপতি বৈশ্যই ৷

Intro:কোকৰাঝাৰত হিন্দু যুৱ ছাত্ৰ পৰিষদ,অসমৰ বিষ্ফোৰক !

অসমৰ মাদ্ৰাজাত জেহাদীৰ প্ৰশিক্ষন চলে আৰু সকলো মাদ্ৰাজা নিষিদ্ধ কৰক : সভাপতি বলেন বৈশ্য ৷

-----------------------

৷৷কোকৰাঝাৰ ৩০ মাৰ্চ : "অসমত ৩৩ হেজাৰ মাদ্ৰাছা স্কুলত কণ কণ লৰা ছোৱালীক ধৰ্মৰ নামত জেহাদীৰ প্ৰশিক্ষন দিয়া হৈছে আৰু আগন্তক ২০/২৫ বছৰত অসম কাশ্মীৰত পৰিণত হৱলৈ গৈ আছে " ৷এই বিষ্পোৰক অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদ ,অসমৰ সভাপতি বলেন বৈশ্যৰ ৷

Body:আজি কোকৰাঝাৰ চহৰৰ মাৰোৱাৰী ভৱনত আয়োজিত এক সংবাদমেলত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই অসমত জেহাদীৰ উৰ্থানত শংকিত হৈ অসমক ত্ৰিপুৰা নহয় কাশ্মীৰত পৰিনত কৰিৱলৈ কোনোপধ্যে দিয়া নহৱ বুলি হুংকাৰ দি অসমক মৌলবাদী আৰু জেহাদীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ হলে অসমৰ সকলো মাদ্ৰাছাৰ নামত চলা শিক্ষানুষ্ঠান নিষিদ্ধ কৰাৰ অসম চৰকাৰ আৰ কেন্দ্ৰীয় চৰকাৰক দাৱী তোলে ৷তেও লগতে 

অসমত অসমীয়াৰ ভাষাৰ অস্তিত্বত গাঞে ভূঞে কাঠফুলাৰ দৰে গঢ় লোৱা ইংৰাজী মাধ্যমৰ স্কুলে ভাবুকি সৃষ্টি কৰা বুলি চৰকাৰক নাকী লগাৰ দাৱী কৰে ৷সংবাদমেলত পূৰ্ববঙ্গীয় মুছলমানৰ জন্ম নিয়ন্ত্ৰন আৰু মুছলিম সকলৰ বহুবিবাহ শ্বৰিয়ত আইনে অসমত জনসংখ্যাৰ বিস্ফোৰণে ভাবুকি সৃষ্টি কৰা দোহাৰি চৰকাৰক কঠোৰতম প্ৰতিৰোধ ব্যৱস্হা কৰাৰ দাৱী তোলে ৷এইক্ষেত্ৰত অসমখন ত্ৰিপুৰা নহয় কিন্তু অহা ২০/২৫ বছৰত কাশ্মীৰ হবলৈ গৈ আছে বুলিও চাঞ্চল্যকৰ অভিযোগ তোলে ৷এনেক্ষেত্ৰত বৈশ্যই সাংবাদিকমেলত দেশত হিন্দুত্ব ৰক্ষাৰ বাবে এখন যোগাত্মক দৃষ্টিভংগীৰ চৰকাৰ গঠন হোৱাটো প্ৰয়োজন  ৷কিন্তু শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটত দুটা গেলা বস্তু পৰি আছে আৰু দুটাৰ ভিতৰত এটাহে লব লাগিব বুলি কৈ পুনৰবাৰ হিন্দুত্ব ৰক্ষাৰ বাবে নৰেন্দ্ৰ মোডীকেই প্ৰধানমন্ত্ৰী হিচাপে কাম্য কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ,অসমৰ সভাপতি বৈশ্যই ৷তেঁও কংগ্ৰেছ দলে পাকিস্থানক সমৰ্থনপুষ্ট বুলি নিৰ্বাচনত গেৰুৱা দলে দেশৰ অস্তিত্বৰ ৰক্ষাকবচ বুলি এক প্ৰকাৰ বিজেপি দলক পূৰ্ণ সমৰ্থন জাহিৰ কৰা সূচায় ৷ আজিৰ সংবাদমেলত বৈশ্যই কৃষক নেতা অখিল গগৈক পুনৰ সমালোচনা কৰি অখিল গগৈৰ বাৱে পবিত্ৰ বৃত্তিত জড়িত সংবাদ মহলৰ দুজনকৈ জেলত যাৱলগীয়া ঘটনা সংঘটিত হোৱা নিন্দা দিয়ে 

Conclusion:উল্লেখ্য যে,হিন্দু যুৱ ছাত্ৰ পৰিষদৰ আজি আয়োজিত এক আলোচনা সভাত পৰিষদৰ সহকাৰী সাধাৰন সম্পাদক গৌতম ডেকা,সাংগঠনিক সম্পাদক বসন্ত দাস,প্ৰচাৰ সদস্য কাঞ্চন দেৱনাথ,বিত্ত সচিব বিকাশ বৰদলৈ আৰু বেংগলী যুৱ ছাত্ৰ পৰিষদৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ  কেন্দ্ৰীয় নেতা সুকুমাৰ বিশ্বাস উপস্হিত আছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.