কোকৰাঝাৰ, ৯ মাৰ্চ: BTR চৰকাৰৰ পৰা SOPD-G আঁচনিৰ অধীনত ৩৫ লাখ টকা অনুদান পোৱাৰ পিছত নতুন ৰূপত সজাই পৰাই তোলা হৈছে কোকৰাঝাৰ প্ৰেছ ক্লাৱ(Kokrajhar Press Club) । কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ মেৰামতি তথা পুণৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ পিছত বুধবাৰে বিয়লি BTR প্ৰধান প্ৰমোদ বড়োৱে কোকৰাঝাৰ প্ৰেছ ক্লাৱ আনুষ্ঠানিকভাৱে মুকলি কৰে ।

কোকৰাঝাৰ প্ৰেছ ক্লাৱ আনুষ্ঠানিকভাৱে মুকলি কৰি কোকৰাঝাৰ সদৰৰ সাংবাদিকসকলৰ সতে এক অন্তৰংগ বাৰ্তালাপতো মিলিত হয় BTR প্ৰধানগৰাকী । সংবাদজগতত কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ এক সুনাম আছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে সততা আৰু নিষ্ঠাৰে সংবাদসেৱন কৰিবলৈ সাংবাদিকসকলৰ প্ৰতি আহ্বান জনায় ।

কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ আন আন কাম কাজসমুহো অহা বিত্তীয় বৰ্ষত পুৰণ কৰা হব বুলি মন্তব্য কৰে বড়োয়ে । ইপিনে আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে অহা ১১ মাৰ্চত দলৰ এক বৈঠক অনুষ্ঠিত হব আৰু তাতেই ৰাজ্যসভাৰ প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হব । মিত্ৰদল হিচাপে এখন আসন পাব বুলি আশাবাদী বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে ৰাজ্যসভাত এগৰাকী বড়ো প্ৰতিনিধি থাকিব লাগে বুলি তেওঁলোকে আগৰ পৰাই কৈ আহিছে ।

আনহাতে পৌৰসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ বিজয়ক অভিনন্দন জ্ঞাপন কৰি ইয়াৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰদৰ্শিতা আৰু উন্নয়নমুখী যাত্ৰাৰ প্ৰতিফলন বুলি মন্তব্য কৰে ।
দেশৰ ভিতৰত অসম শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰৰ এখন হব আৰু মুখ্যমন্ত্ৰীৰ উন্নয়নমুখী যাত্ৰাৰ ওপৰত ৰাইজৰ বিশ্বাস উপজিছে আৰু পৌৰসভা নিৰ্বাচনৰ ফলাফল তাৰেই প্ৰতিফলন বুলি মন্তব্যৰে প্ৰমোদ বড়োৱে অনাগত সময়ছোৱাত চহৰাঞ্চলসমুহত আৰু অধিক উন্নয়ন হব বুলি আশা প্ৰকাশ কৰিছে । অনুষ্ঠানটোত BTCৰ কাৰ্যবাহী সদস্য নিলুৎ স্বৰ্গীয়াৰী আৰু প্ৰেছ ক্লাৱৰ সমুহ সদস্য উপস্থিত থাকে ।
লগতে পঢ়ক: etv comment image Assam Municipal Election 2022: নগাঁৱত বিজেপিৰ হাতত ধৰাশায়ী কংগ্ৰেছ