কোকৰাঝাৰ, 10জুলাইঃ লক ডাউনে সৃষ্টি কৰিছে মানুহৰ মাজত কৰ্মদক্ষতা আৰু প্ৰতিভা ৷ কোকৰাঝাৰত অনলাইনযোগে খাদ্য সামগ্ৰী বিক্ৰী কৰি উপাৰ্জনৰ পথ বাছি লৈছে দুই শিক্ষিত যুৱকে ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত দেশত জাৰি কৰা লক ডাউনে সাধাৰণ মানুহৰ দৈনদ্দিন জীৱনশৈলীৰ পৰিৱৰ্তন ঘটোৱাটোও স্বাভাবিক কথা হৈ পৰিছে ৷ কিন্তু লক ডাউনৰ সময়ছোৱাই প্ৰতিজন মানুহৰ মাজত বিৰাজ কৰা কৰ্মদক্ষতা, প্ৰতিভা বিকাশ কৰাৰ ওপৰিও মানুহক শিকাই গৈছে পৰিস্কাৰ পৰিচ্ছন্নতাৰে সমাজ সংস্কাৰ ৷ কৰ’ণা প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা লক ডাউনে সমাজখনত কঢ়িৱাই আনিছে কিছু ইতিবাচক দৃষ্টিভংগী ৷
কোকৰাঝাৰ চালাকাটিৰ দুই শিক্ষিত যুৱক অমৃত দেৱনাথ আৰু সুদীপ মণ্ডলে যোৱা লক ডাউনৰ সময়ছোৱাত অসম বজাৰ ডট কম এপ খুলি অনলাইনযোগে আৰম্ভ কৰিছিল খাদ্য সামগ্ৰীৰ বিক্ৰী ৷ যি সময়ত লক ডাউনে জনসাধাৰণক জুৰুলা কৰিছিল সেই সময়তে এক প্ৰশংসনীয় ব্যৱস্থা গ্ৰহণ কৰি আধুনিকভাৱে শাক-পাচলিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰীৰ আৰম্ভ কৰিছিল কোকৰাঝাৰ জিলাৰ বিভিন্ন ঠাইত ৷ ইতিমধ্যে অসম বজাৰ ডট কম এপটো অধিক জনপ্ৰিয় হৈ পৰিছে সমগ্ৰ জিলাখনতে। অমৃত দেৱনাথ বৰ্তমান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এম বি এ (MBA)ৰ ছাত্ৰ আৰু সুদীপ মণ্ডল ৰাজনীতি বিজ্ঞানৰ স্নাকোত্তৰ ডিগ্ৰীধাৰী। এই দুই শিক্ষিত যুৱকে এতিয়া প্ৰয়োজনীয় খাদ্য সামগ্ৰী ঘৰে ঘৰে যোগান ধৰিছে ৷ ইপিনে শিক্ষিত যুৱক কেইজনৰ কৰ্ম কৰাৰ হাবিয়াস আৰু প্ৰচেষ্টাক জিলাখনত সকলোৱে শলাগ লৈছে ৷