ETV Bharat / state

মটৰচাইকেল চুৰিকাণ্ডত গ্ৰেপ্তাৰ এনএলএফবি সদস্য

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 7:38 PM IST

Motorcycle thief arrested: কোকৰাঝাৰ আৰক্ষীৰ সফলতা ৷ ১১খন চুৰি মটৰচাইকেল উদ্ধাৰ ৷ চুৰি কাৰ্যৰে জড়িত এনএলএফবি কেডাৰসহ দুজনক গ্ৰেপ্তাৰ কোকৰাঝাৰ আৰক্ষীৰ ।

Motorcycle thief arrested
১১খন চুৰি মটৰচাইকেল উদ্ধাৰ

১১খন চুৰি মটৰচাইকেল উদ্ধাৰ

কোকৰাঝাৰ, ৮ জানুৱাৰী : কোকৰাঝাৰত মটৰচাইকেল চুৰিকাণ্ডৰ সৈতে এনএলএফবি কেডাৰ জড়িত হোৱা কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মটৰচাইকেল চুৰিকাণ্ডত গ্ৰেপ্তাৰ হোৱা এনএলএফবি সদস্য হৈছে ধ্ৰুৱজিৎ নাৰ্জাৰী (২৩)। তদুপৰি আৰক্ষীয়ে তেওঁৰ সহযোগী গৌথাৰ নাৰ্জাৰীকো (১৯) গ্ৰেপ্তাৰ কৰিছে । দুয়োটা চোৰকে আৰক্ষীয়ে বাশবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে । এনএলএফবি সদস্য তথা মটৰচাইকেল চোৰ ধ্ৰুৱজিৎ নাৰ্জাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ১১ খন চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰিছে ।

এই সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে'ই মঙলবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰি সদৰী কৰা মতে, মটৰচাইকেল চুৰিৰ গোচৰৰ নং ৪০৯/২০২৩ৰ ভিত্তিত আৰক্ষীয়ে চেৰফাংগুৰী, কচুগাঁৱত আৰু বাশবাৰীত অভিযান চলায় । সেই অভিযানতে বাশবাৰীৰ পৰা আৰক্ষীয়ে ধ্ৰুৱজিৎ নাৰ্জাৰী (২৩) আৰু গৌথাৰ নাৰ্জাৰী (১৯) নামৰ দুটা মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ কৰে । ইয়াৰে ধ্ৰুৱজিৎ নাৰ্জাৰী এনএলএফবি কেডাৰ বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰিছে ।

পিছত আটকাধীন ধ্ৰুৱজিৎ নাৰ্জাৰীৰ স্বীকাৰোক্তিত ভিত্তিত আৰক্ষীয়ে চেৰফাংগুৰী আৰু সৰলপাৰাকে ধৰি বিভিন্ন ঠাইত লুকাই ৰখা অৱস্থাৰ পৰা ১১ খনকৈ মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উদ্ধাৰকৃত ১১ খন মটৰচাইকেলৰ ভিতৰত ৭খনে কোকৰাঝাৰ থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ বুলি আৰক্ষীয়ে সদৰী কৰিছে ।

উল্লেখ্য যে কোকৰাঝাৰ চহৰত মটৰ চাইকেল চুৰি কৰি চোৰে ন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । জনতা আৰু আৰক্ষীৰ নিদ্ৰাহৰণ কৰা চোৰ দুটাক অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰি ১১ খনকৈ চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে । আৰক্ষীয়ে চোৰ দুটাক সোমবাৰে আদালতত হাজিৰ কৰাই চাৰিদিনৰ জিন্মালৈ আনে । অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে সোধা -পোছ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে 22 জানুৱাৰীত অসমত ড্ৰাই ডে’ ঘোষণা, কেবিনেটতো অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.