কোকৰাঝাৰ,25 জানুৱাৰী : বড়ো ছবি নিৰ্মাতা ৰিয়া ব্ৰহ্মৰ নতুন ছবি ‘খিথেৰ’ৰ সোমবাৰে শুভ মহুৰত সম্পন্ন কৰা হয় । আগন্তুক বিশ্বকৰ্মা পূজাৰ সময়তেই মুক্তিলাভ কৰিব এই বড়ো ছবিখন ৷

পুৱাৰ ভাগত কোকৰাঝাৰ চহৰৰ থানা ৰোডস্থিত কালী মন্দিৰ প্ৰাংগণত মাংগলিক কাৰ্যসূচীৰে সম্পন্ন হয় ছবিখনৰ শুভ মহুৰত ৷ ৰিয়া ব্ৰহ্ম অৰ্থাৎ আৰ.বি প্ৰডাকশ্যনৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া খিথেৰ ছবিখনৰ অসমীয়া অৰ্থ হ’ল ‘প্ৰতিশোধ’ ।

আৰ.বি প্ৰডাকশ্যনৰ পঞ্চম ছবি খিথেৰত অভিনয় কৰিব ৰিয়া ব্ৰহ্ম, ফুজি বসুমতাৰী, লিংছাৰ বসুমতাৰী আৰু ছৌৰাং নাৰ্জাৰীয়ে । উল্লেখ্য যে, স্বপন কুমাৰ ব্ৰহ্মই প্ৰযোজনা কৰা ছবিখনৰ পৰিচালনাত আছে ৰাজা নাৰ্জাৰী ৷ ছবিখনৰ দৃশ্যপট বিটিআৰ অঞ্চলৰ লগতে বহিঃৰাজ্যৰ হায়দৰাবাদ, কেৰালা আদিত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : আৰ.আৰ.আৰ. ছবিৰ মুক্তিৰ তাৰিখ ঘোষণা