কোকৰাঝাৰ, 20 জুন: কোকৰাঝাৰ জিলাৰ ঢোলমাৰাৰ জামে মছজিদত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে সোমবাৰে পুৱতি নিশা কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে ঢোলমাৰাৰ জামে মছজিদৰ চৌহদৰ গেটখন ভাঙি পেলায় ৷ তদুপৰি দুষ্কৃতিকাৰীয়ে শিল আৰু ইটাৰ টুকুৰা দলিয়াই জামে মছজিদৰ ভেণ্টিলেছন আৰু পানীৰ টেপৰ ক্ষতিসাধন কৰে (Mosque attack by unknown miscreant at Kokrajhar) ৷
![কোকৰাঝাৰত দুষ্কৃতিকাৰীয়ে ভাঙিলে মছজিদ চৌহদৰ গেট-পানীৰ টেপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-masjidattack-vis-byte-photo-10044_20062022125900_2006f_1655710140_255.jpg)
ইপিনে দুষ্কৃতিকাৰীয়ে মছজিদত ক্ষতিসাধন কৰা খবৰ পাই আজি পুৱা অঞ্চলটোৰ কেইবা শতাধিক সংখ্যালঘু ৰাইজ জামে মছজিদ উপস্থিত হৈ ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে কিছু সময়ৰ বাবে পথ অৱৰোধ কৰে ৷ ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পিছত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বত আৰক্ষীৰ বিশাল দল ঢোলমাৰত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ঘটনাৰে জড়িত দোষীক কৰায়ত্ত কৰাৰ বাবে তদন্ত আৰম্ভ কৰে ৷
![কোকৰাঝাৰত দুষ্কৃতিকাৰীয়ে ভাঙিলে মছজিদ চৌহদৰ গেট-পানীৰ টেপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-masjidattack-vis-byte-photo-10044_20062022125900_2006f_1655710140_260.jpg)
কোনে কি উদ্দেশ্যৰে এই ঘটনা সংঘটিত কৰিলে সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই যদিও শান্তি বিঘ্নিত কৰাৰ উদ্দেশ্যৰেই মছজিদৰ ক্ষতিসাধন কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । ইপিনে ঢোলমাৰা জামে মছজিদত আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সংখ্যালঘু ছাত্ৰ সংগঠন এবিএমছু , নেমছু , আমছু আৰু আৰএমচিয়ে ৷ সংখ্যালঘু সংগঠন কেইটাই ঘটনাৰে জড়িত দোষীক চিনাক্ত কৰি আচিৰেই আটক কৰা আৰু কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ৷
লগতে পঢ়ক: লখিমপুৰত জ্বলিল অগ্নিপথৰ প্ৰতিলিপি