কোকৰাঝাৰ, ২৬ আগষ্ট: কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত নয়াছাৰাত শুকুৰবাৰে কোনো অচিনাক্ত বাহনে এটা ছাগলীক খুন্দিয়াই মৰাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয় । বাসুগাঁওস্থিত গুৰুকুল বিদ্যালয়ৰ(Guruku School Basugaon) পৰা কণকণ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা এখন স্কুল বাছ উক্ত স্থানত উপস্থিত হোৱাত একাংশ উত্তেজিত লোকে বাছখনলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰে (Stone throw at school bus in Kokrajhar)।
শিল নিক্ষেপৰ ফলত স্কুল বাছখনৰ সন্মুখৰ গ্লাছৰ ক্ষতিসাধন হয় যদিও ছাত্ৰ-ছাত্ৰীসকল কোনোমতে ৰক্ষা পৰে (Salakati school bus incident)৷ ইপিনে ঘটনা সম্পৰ্কত অৱগত হোৱাত উক্ত স্থানত ছালাকাটি আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ স্কুল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ৰাজপথত অচিনাক্ত বাহনে এটা ছাগলী খুন্দিয়াই থৈ যোৱাত উক্ত স্কুল বাছখনেই ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰি দুৰ্বৃত্তই সংঘটিত কৰে এই শিলগুটি নিক্ষেপৰ ঘটনা (Stone throw at Salakati)।
ঘটনা সংক্ৰান্তত গুৰুকুল বিদ্যালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে ছালাকাটি আৰক্ষী চকীত(Salakati Police Station) এজাহাৰ দাখিল কৰিছে । ঘটনা সন্দৰ্ভত ছালাকাটি আৰক্ষী চকীৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিন্টু ডেকাই জানিবলৈ দিয়ে যে তাৎক্ষণিকভাৱে আৰক্ষীয়ে ঘটনাত জড়িত থকাৰ সন্দেহত দীনেশ বৰ্মন নামৰ এজন লোকক সোধ-পোছৰ বাবে আটক কৰে । আন দুজন অভিযুক্ত সম্প্ৰতি পলাতক বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে ।
লগতে পঢ়ক: ছাত্ৰীৰে অশ্লীল বাৰ্তালাপ কৰি ভালপোৱা চেতিয়া ছাৰক নিলম্বন