কোকৰাঝাৰ,10 জুন : বুধবাৰে কোকৰাঝাৰত জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল উপস্থিত হৈ বিটিআৰৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, পূৱ কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্যসকলক লগত লৈ বিটিআৰৰ বিভাগীয় মুৰব্বী বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে । বিটিআৰৰ সচিবালয়ত অনুষ্ঠিত হোৱা বৈঠকৰ পূৰ্বে জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বিষয়া-কৰ্মচাৰী , অভিযন্তাসকলৰ সৈতে আন এক পৰ্যালোচনা বৈঠকত মিলিত হয় ।

মন্ত্ৰী অশোক সিংঘালে বিধায়ক লৰেঞ্চ ইছলাৰীক লৈ কোকৰাঝাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা বৈঠকত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ তথ্য সহকাৰে খতিয়ান লয় । ইয়াৰ পিছতে তেওঁ বিছমুৰী ভিচিডিচিৰ অন্তৰ্গত ভদ্ৰামপুৰ, দেৱৰগাঁও ভিচিডিচিৰ অন্তৰ্গত বালাগাঁও আৰু পাটগাঁও ভিচিডিচি পৰিভ্ৰমণ কৰি উন্নয়নমুলক কাম-কাজসমূহ স্বচক্ষে পৰিদৰ্শন কৰে ।
মূলতঃ কোকৰাঝাৰ উন্নয়ন খণ্ডত টিচিএলচিচি আৰু ভিচিডিচিৰ অধ্যক্ষ, সদস্যৰে পৰ্যালোচনা বৈঠকত অশোক সিংঘালে চৰকাৰী আঁচনিৰ কামসমূহ মন্থৰ গতিত হোৱা কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৷ ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে বিষয়া-কৰ্মচাৰীসকলক লগত লৈ তিনিটা ভিচিডিচি এলেকা পৰিদৰ্শন কৰি চৰকাৰী আঁচনিসমুহৰ কাম ক্ষীপ্ৰ গতিত কৰাৰ নিৰ্দেশনা প্ৰদান কৰাৰ উপৰিও এমাহৰ ভিতৰত কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁৱসমূহত থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰবোৰত বিদ্যুতৰ যোগান ধৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

বুধবাৰৰ দিনটোত কোকৰাঝাৰত অশোক সিংঘালৰ উপস্থিতিয়ে এক কথাত একাংশ বিষয়াৰ থৰকাছুটি হেৰুওৱাৰ লগতে বহু বিষয়াই মন্ত্ৰী গৰাকীক সন্তোষজনক উত্তৰ দিব নোৱাৰা পৰিলক্ষিত হয় ।
লগতে পঢ়ক : নামতোলাত আৰক্ষী-চিআৰপিএফৰ যুটীয়া অভিযানত গাঞ্জাসহ এজন আটক