ETV Bharat / state

পথৰ ওপৰতে যৌন নিৰ্যাতনৰ চেষ্টা নাবালিকাক - ছালাকাটি থানা

ছাগলী লৈ আহোতেই নাবালিকাক যৌন নিৰ্যাতন । হাতে লোটে ধৰি অভিযুক্তক উত্তম মধ্যম সোধালে ৰাইজে । POCSO আইনৰ 8 নং ধাৰাৰ অধীনত ৰঙাঘৰত সোমাল অভিযুক্ত যুৱক ৷

molest
minor girl
author img

By

Published : Jul 26, 2020, 10:48 PM IST

কোকৰাঝাৰ ২৬ জুলাই : কোকৰাঝাৰ জিলাৰ ছালাকাটি থানাৰ অন্তৰ্গত নয়াচৰা প্ৰথম খণ্ডত সংঘটিত হৈছে এটা জঘন্য ঘটনা ৷ এগৰাকী নাবালিকাক এজন যুৱকে যৌন নিৰ্যাতন চলোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

১২ বছৰীয়া নাবালিকা গৰাকীয়ে এৰাল দি থোৱা ছাগলী ঘৰলৈ লৈ আহোতেই জয়নাল আলী নামৰ যুৱকজনে পথৰ ওপৰতে যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰে ৷ নাবালিকা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীত ঘৰৰ সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত হৈ যুৱকজনৰ কবলৰ পৰা ছোৱালীজনীক উদ্ধাৰ কৰে । এনে অপকাৰ্মত ক্ষোভিত হৈ স্থানীয় ৰাইজে জয়নাল আলীক বান্ধি লৈ লপা থপা দি ছালাকাটি আৰক্ষী চকীত গতাই দিয়ে ৷ ইতিমধ্যে অভিযুক্ত জনয়নালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ।

পথৰ ওপৰতে যৌন নিৰ্যাতনৰ চেষ্টা নাবালিকাক

উল্লেখ্যে যে প্ৰথম অৱস্থাত যুৱকজনে নিজৰ পৰিচয় স্বীকাৰ কৰা নাছিল যদিও পাচলৈ ঘিলাগুৰীৰ জয়নাল আলি বুলি চিনাক্ত কৰা হয় । ইপিনে ছালাকাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নমনি দাসে সদৰি কৰা মতে ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত POCSO আইনৰ 8 নং ধাৰাৰ অধীনত ৪১৩/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্ত জয়নাল আলীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে । অভিযুক্ত জয়নাল আলীৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে আক্ৰাছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক মৃদুল ৰায়ে ।

লগতে পঢ়ক : বহিঃৰাজ্যৰ গাহৰি আমদানিৰ বিৰোধিতা সদৌ তিনিচুকীয়া পশুপালক সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.