কোকৰাঝাৰ, 20 মে’ : শুকুৰবাৰে প্ৰতিবাদত উত্তাল হৈ পৰিল কোকৰাঝাৰৰ বিদ্যুৎ নগৰী ছালাকাটি ৷ এনটিপিচিত কৰ্মৰত শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্যৰ লগতে বাসুগাঁও-ছালাকাটি আৰু চৰাইখোলা সংযোগী বিধ্বস্ত গড়কাপ্তানি পথ অতি শীঘ্ৰে যাতায়াতৰ উপযোগীকৈ নিৰ্মাণ কৰা, ছালাকাটিত ৰে’লৱে উৰণীয়া সেতু নিৰ্মাণ কৰা আদিৰ দাবী উত্তাল হ’ল বিদ্যুৎ নগৰী ছালাকাটি (Labor union protest against NTPC) ।
কোকৰাঝাৰ জিলাৰ বিদ্যুৎ নগৰী ছালাকাটিস্থিত এনটিপিচি বঙাইগাঁৱৰ প্ৰশাসনিক ভৱনৰ সন্মুখত শুকুৰবাৰে এনটিপিচি শ্ৰমিক ইউনিয়নৰ উদ্যোগত আৰু বিপিএফৰ নাডাংগিৰি প্ৰাইমাৰী আৰু ছালাকাটি প্ৰাইমাৰী কমিটীৰ নেতা-কৰ্মী, সদস্য তথা সমৰ্থকসকলে কেবালানি দাবীৰ সমৰ্থনত তিনিঘন্টীয়া ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড আদি লৈ নানা ধৰণৰ শ্ল’গানো দি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত এনটিপিচি কৰ্তৃপক্ষক দহদফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে, এনটিপিচিত কৰ্মৰত শ্ৰমিকসকলৰ নাম পঞ্জীয়ন কৰাৰ লগতে কিছুমান বিশেষ সুবিধা প্ৰদান কৰিম বুলি কেন্দ্ৰীয় চৰকাৰৰ লেবাৰ কমিচনাৰৰ সন্মুখত চুক্তি স্বাক্ষৰ কৰা হৈছিল । কিন্তু তাৰ পিচতো দূৰ্ভাগ্যজনকভাৱে এনটিপিচি কৰ্তৃপক্ষই তেওঁলোকে কৰা চুক্তি অনুসৰি কাম কৰা নাই বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপান কৰিছে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া ছালাকাটি শ্ৰমিক ইউনিয়নৰ সভাপতি তথা বিটিচিৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে (Protest against NTPC in Bongaigaon)।
পাৰিষদ বসুমতাৰীয়ে সাংবাদিকৰ আগত এনটিপিচি কৰ্তৃপক্ষই শ্ৰমিকসকলৰ সৈতে স্বাক্ষৰিত চুক্তি অনুসৰি শ্ৰমিকসকলৰ একাউণ্টত ইএছআইৰ ধন জমা নিদিয়াৰ বাবে তেওঁলোকৰ তিনিগৰাকী শ্ৰমিক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিচত ঘৰৰ সাঁচতীয়া ধন তথা চান্দা তুলি চিকিৎসাৰ খৰচ বহন কৰিব লগীয়া হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে । তাৰোপৰি আইটিআই চাৰ্টিফিকেট আৰু ড্ৰাইভিং স্কুলৰ চাৰ্টিফিকেট প্ৰাপ্ত গাড়ী চালকসকলক এনটিপিচিৰ দৰে কৰ্তৃপক্ষই শ্ৰম আয়ুক্তৰ সৈতে স্বাক্ষৰিত চুক্তি অনুসৰি আজিলৈকে স্কিলৰ অন্তৰ্ভুক্ত কৰা নাই তথা স্কিল শ্ৰমিকৰ মজুৰী আদায় দিয়া নাই বুলি আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

আনহাতেদি, এনটিপিচিৰ চিমনীৰ পৰা উলোৱা ছালফাৰ মিহলি ধূলি-ধোঁৱাই ছালাকাটি এনটিপিচিৰ দাঁতি কাষৰীয়া গাঁওসমূহৰ বাসিন্দাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি জানিব দিয়ে ৷ বিশেষকৈ ছালফাৰ মিহলি অশোধিত ধূলি-বালিয়ে বিভিন্ন প্ৰকাৰৰ বেমাৰ-আজাৰ সৃষ্টি কৰিছে ৷ বিশুদ্ধ খোৱাপানী আৰু খাদ্যৰ ওপৰতো ঋণাত্মক প্ৰভাৱ পেলাইছে ৷ সেয়েহে অতি শীঘ্ৰে ছালফাৰ পৃথকীকৰণ গোট অৰ্থাৎ ফিউৱেল গেছ ডিছালফাৰাইজেছন ইউনিট প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনাইছে ৷
উল্লেখ্য যে, এনটিপিচি কৰ্তৃপক্ষক অতি শীঘ্ৰে শ্ৰমিকসকলৰ ন্যায্য মজুৰী তথা চুক্তি অনুসৰি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লৈ দাবী জনায় । অন্যথা এনটিপিচি কৰ্তৃপক্ষই কৰি অহা লাঞ্চনা বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি সকিয়াই দি অনাগত সময়ত এক শক্তিশালী ৰূপত জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক : New SP of Nagaon : নগাঁৱৰ নতুন SP হিচাবে নিযুক্ত হ’ল নৱনীত মহন্ত