ETV Bharat / state

কোকৰাঝাৰতো আৰম্ভ হ'ল পাঠদান কাৰ্যসূচী

নৱবৰ্ষৰ প্ৰথম দিনটো অৰ্থাৎ আজিৰে পৰা প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হৈছে পাঠদান কাৰ্যসূচী ৷ বিদ্যালয় সমূহ খোলাৰ পাচতেউ কোকৰাঝাৰ জিলাৰ প্ৰতিখন বিদ্যালয়ে পৰিদৰ্শন কৰে শিক্ষা বিষয়াসকলে ৷ শিক্ষকৰ অনিয়মীয়া উপস্থিতি ধৰা পৰিলে বিভাগীয় নিয়মানুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়নী দিয়ে কোকৰাঝাৰ জিলা শিক্ষা বিষয়া তথা জিলা মিচন সমন্বয়ক জয়পাল ব্ৰহ্মই ৷

l-p-school-start-functioning
কোকৰাঝাৰত আৰম্ভ হ'ল পাঠদান কাৰ্যসূচী
author img

By

Published : Jan 1, 2021, 9:08 PM IST

কোকৰাঝাৰ ১ জানুৱাৰী: নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হৈছে পাঠদান কাৰ্যসূচী ৷ সুদীৰ্ঘ মাৰ্চ মাহৰ পৰাই কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ বাবে বন্ধ হৈ আছিল বিদ্যালয় সমূহ ৷ ইফালে পাঠদান কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে-লগে আজি বিদ্যালয়ে-বিদ্যালয়ে শিক্ষা বিষয়াসকলে পৰিদৰ্শন কৰাও পৰিলক্ষিত হয় । কোকৰাঝাৰ জিলা শিক্ষা বিষয়া তথা জিলা মিচন সমন্বয়ক জয়পাল ব্ৰহ্ম, কোকৰাঝাৰ খণ্ড শিক্ষা বিষয়া তথা খণ্ড মিচন সমন্বয়ক প্ৰদীপ কুমাৰ গয়াৰী আৰু বিদ্যালয় উপ পৰিদৰ্শক, মংগলেশ্বৰ চৌধুৰীয়ে আজি জিলাখনৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে । কঠালগুৰী প্ৰাথমিক বিদ্যালয়,ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়, ৰূপনাথ ব্ৰহ্ম প্ৰাথমিক বিদ্যালয়, ডিয়াঝিজৰী প্ৰাথমিক বিদ্যালয়, ভোটগাঁও মধ্য ইংৰাজী বিদ্যালয়, পুৱ ভদেয়াগুৰী প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষা বিষয়া কেইগৰাকীয়ে শিক্ষকৰ উপস্থিতিৰ বুজ লোৱাৰ লগতে বিদ্যালয় সমুহে ক'ভিড প্ৰট'কল সন্দৰ্ভত পৰ্যবেক্ষণ কৰে । শিক্ষামন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া অনুসৰি, ক'ৰণাৰ সকলো নীতি-নিয়ম মানি খুলিব লাগিব বিদ্যালয় সমূহ ৷

আনহাতে, শিক্ষকৰ অনিয়মীয়া উপস্থিতি ধৰা পৰিলে বিভাগীয় নিয়মানুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে কোকৰাঝাৰ জিলা শিক্ষা বিষয়া তথা জিলা মিচন সমন্বয়ক জয়পাল ব্ৰহ্মই । গুণগত শিক্ষাক আগস্থান দিবলৈ শিক্ষক সমাজৰ প্ৰতি আহ্বান জনাই শিক্ষা বিষয়া জয়পাল ব্ৰহ্মই অভিভাৱক সকলকো এইক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, ক'ভিড প্ৰট'কলৰ নতুন নিৰ্দেশনা অনুসৰি পাঠদানৰ ক্ষেত্ৰত প্ৰতিটো শ্ৰেণীৰেই সপ্তাহৰ এদিন এৰি এদিন পাঠদান হ’ব । মংগলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হোৱাৰ বিপৰীতে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ’ব । পুৱা ৯ বজাত পাঠদান আৰম্ভ হৈ বিয়লি ১.৪৫ বজাত সমাপ্ত হ’ব আৰু ইয়াৰ মাজতে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান ধৰিব লাগিব বিদ্যালয় সমূহে ৷

অন্য এক খবৰৰ বাবে: ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.