ETV Bharat / state

কনকৰ্ফৰ নেতা প্ৰণৱ নাৰায়ণ দেৱ পাগলঃ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ - বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ

কনকৰ্ফৰ নেতা প্ৰণৱ নাৰায়ণ দেৱক পাগল আখ্যা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ৷ কোচ সকল প্ৰকৃততে মেচ বড়ো জনগোষ্ঠীৰ পৰা উদ্ভৱ হৈছে সেয়া ইতিহাসতে লিপিবদ্ধ আছে বুলি মন্তব্য জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীৰ ৷

কনকৰ্ফৰ নেতা প্ৰণৱ নাৰায়ণ দেৱ পাগলঃ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ
author img

By

Published : Sep 4, 2019, 3:25 PM IST

কোকৰাঝাৰ, 04 চেপ্তেম্বৰঃ কনকৰ্ফৰ নেতা প্ৰণৱ নাৰায়ণ দেৱক পাগল আখ্যা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ৷ বড়ো বিৰোধী মানসিকতাৰ লোক প্ৰণৱ নাৰায়ণ দেৱে মূৰ্খ মানুহক সন্তুষ্ট কৰিবলৈ বড়ো সকলৰ ইতিহাসক তুচ্ছ তাচ্ছিল্য কৰিছে বুলি মন্তব্য মঞ্চৰ ৷ বুধবাৰে প্ৰেছ বিবৃতি যোগে জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে প্ৰণৱ নাৰায়ণ দেৱক প্ৰত্যাহ্বান জনাই বড়ো ৰজা হাউৰীয়া মেচ বা হৰিদাস মণ্ডলে চিকনাঝাৰত মেচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নে নাই বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ ইয়াৰেপৰি কোচ সকল প্ৰকৃততে মেচ বড়ো জনগোষ্ঠীৰ পৰা উদ্ভৱ হৈছে সেয়া ইতিহাসতে লিপিবদ্ধ আছে বুলিও মঞ্চৰ নেতা গৰাকীয়ে অভিযোগ কৰে ৷

Intro:প্ৰনৱ নাৰায়ণ দেৱক প্ৰত্যাহ্বান বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ
কোচ সকল মেচ জনগোষ্টীৰ পৰা উদ্ভৱ হোৱা : দাওৰাও দেখ্ৰেব নাৰ্জাৰী

কোকৰাঝাৰ ৩ চেপ্তেম্বৰ : কনকৰ্ফৰ নেতা প্ৰনৱ নাৰায়ণ দেৱে ধাৰাবাহিকভাৱে বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য দি বড়ো জনগোষ্ঠীটোৰ অনুভূতিত আঘাত হনা বুলি গুৰুতৰ অভিযোগ কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ৷

Body:আজি এক প্ৰেছ বিবৃতিযোগে মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অবড়োৰ সেনাপতি হিচাপে নিজকে জাহিৰ কৰি প্ৰনৱ নাৰায়ণ দেৱে বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে আউল বাউল কথা কৈছে ৷ নিজেই বৰ্নসংকৰত ভোগা প্ৰনৱ নাৰায়ন দেৱক পাগল আখ্যা দি মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে কয যে ছদ্মবেশী লোক সকলৰ লাজ,ভয় নাথাকে আৰু তেওঁলোকে যিকোনো অভিযোগ কৰিব পাৰে ৷ বড়ো বিৰোধী মানসিকতাৰ লোক প্ৰনৱ নাৰায়ণ দেৱে মুৰ্খ মানুহক সন্তুষ্ট কৰিবলৈ বড়ো সকলৰ ইতিহাসক তুচ্ছ তাচ্ছিল্য কৰিছে ৷ জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে প্ৰনৱ নাৰায়ন দেৱক প্ৰত্যাহ্বান জনাই কয় যে চিনচুলা চুক্তি হোৱা আৰু ভূটান দুৱাৰচ গঠন হোৱাৰ আগতে ১৫ শতিকাত নৰনাৰায়ণ আৰু চিলাৰায়ৰ ককা দেউতা বড়ো ৰজা হাউৰীয়া মেচ বা হৰিদাস মণ্ডলে চিকনাঝাৰত মেচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নে নাই বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৷ দৰঙৰ ৰজা সমুদ্ৰ নাৰায়ণৰ আদেশত সুৰ্যকৰি দৈবজ্ঞই লিখা দৰঙ্গ ৰাজবংশাৱলী কিতাপত পানবাৰ ভেদেলা,আৱৰ,গুৱাবৰ,ফেদপেদো,বৰিহনা মেচ,শ্ৰেষ্টতৰ বুলি কৈ কৌটিয়া বৈশাগু মেগা,যুদ্ধাবৰ নাম,গড়কাটা,জাগাই জোখোৰা অনুপাম এই বাৰ জন মেচ পৰম প্ৰবল সবাৰ উপৰি শ্ৰেষ্ঠ হাৰিয়া মণ্ডল লিখিছিল যদিও প্ৰনৱ নাৰায়ণ দেৱে নজনাৰ ভাও ধৰিছে ৷ ইতিহাস নজনাকৈ বড়ো জাতিৰ বিৰুদ্ধে আউল বাউল কথা কোৱাৰ আগতে কোচ সকল যে মেচ বড়ো জনগোষ্ঠীৰ পৰা উদ্ভৱ হৈছে সেয়া ইতিহাসতে লিপিৱদ্ধ আছে বুলিও মঞ্চৰ নেতা গৰাকীয়ে অভিযোগ কৰিছে ৷ ১৫ শতিকাত বড়ো ৰজা কান্ত নাথ মেচে নীলধ্বজ নাম লৈ কমতাপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ৷ কোচ ৰাজবংশী সকলে কোচবিহাৰ ৰাজ্যৰ বংশধৰ বুলি জাহিৰ কৰা সেই প্ৰতিষ্ঠাতা ৰজা হাওৰীয়া মেচ আছিল ৷ তদুপৰি ১৮৯০ চনত পঞ্চানৱ বৰ্মনৰ নেতৃত্বত ক্ষত্ৰিয় হবলৈ আন্দোলন কৰি কৰতোৱা নদীত কেশ মুণ্ডন কৰি স্নান কৰি নদীক কালো হইলেক কৰিছিল ৷

Conclusion:দীঘলীয়া টিকনি ৰাখি কপালত তিলক ধাৰন কৰি ডিঙিত তুলসী নতুবা বেলৰ মালা ধাৰন কৰি ছদ্মবেশী কৃষ্ণ ভকতৰ ভাও ধৰিছিল ৷ সেয়ে তেওঁলোক নিজে নিজেই বিকৃত বুলি মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে অভিযোগ কৰিছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.