কোকৰাঝাৰ, 13 আগষ্ট : ৰাজ্যত পুনৰ প্ৰতিবাদ ৷ এইবাৰৰ স্থান কোকৰাঝাৰ ৷ প্ৰসংগ: দলবদ্ধ ধৰ্ষণকাণ্ড ৷ তথ্য অনুসৰি, কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত এগৰাকী নাবালিকাক চাৰি নাবালকে ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ উক্ত ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে শনিবাৰে বিয়লি এবছুৰ সদস্যসকলে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ধৰ্ষণকাৰীক ফাঁচিৰ দাবীত এবছুৱে কোকৰাঝাৰ চহৰৰ বডোফা উদ্যানৰ সমীপৰ ৰাজপথত ধৰ্ষণকাণ্ডৰ অভিযুক্ত চাৰি নাবালকৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা এবছুৰ প্ৰতিবাদকৰীসকলে ধৰ্ষণকাৰীক ফাঁচি দিয়ক, আমাৰ দাবী নাৰ্য দাবী আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা এবছুৰ জিলা সভাপতি কৃপেশ দৈমাৰীয়ে দলবদ্ধ ধৰ্ষণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবী জনায় ৷ উল্লেখ্য যে, দলবদ্ধ ধৰ্ষণৰ ঘটনাটো দুমাহ মান পূৰ্বে সংঘটিত হৈছিল ৷ কিন্তু ঘটনাটো গাপ দি ৰাখিবৰ বাবে অভিযুক্তকেইটাই ভাবুকি প্ৰদান কৰিছিল নাবালিকাগৰাকীক ৷ সেয়ে নাবালিকাগৰাকীয়ে ভয়তে মনে মনে আছিল ৷
কিন্তু শুকুৰবাৰে এই ঘটনাটো পোহৰলৈ অহাত অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ লগতে অভিযুক্ত ধৰ্ষণকাৰীকেইটাক আটক কৰাৰ দাবীত সৰব হৈ পৰে গাঁওবাসী ৷ পৰৱৰ্তী পৰ্যায়ত দলবদ্ধ ধৰ্ষণকাণ্ডৰে জড়িত চাৰি অভিযুক্ত নাবালকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ এই কাৰ্যক প্ৰসংশা কৰিছে প্ৰতিবাদকাৰী এবছুৰ কৰ্মীয়ে ৷ লগতে প্ৰতিবাদকাৰী এবছুৰ কৰ্মীয়ে অভিযুক্ত কেইটাত উচিত শাস্তি প্ৰদানৰো দাবী জনায় ৷
লগতে পঢ়ক : Doyang Hydro Project : গোলাঘাটৰ জিলা আয়ুক্তৰ নেতৃত্বত প্ৰতিনিধি দলৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন