কোকৰাঝাৰ, ৮ মে': বৃহস্পতিবাৰে পুৱতি নিশা অসম আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় Kamtapur Liberation Organisation চমুকৈ KLO ৰ নামনি অসমৰ এৰিয়া কমাণ্ডৰ সহ ৭ জন দুৰ্ধৰ্ষ কেডাৰক ।

গ্ৰেপ্তাৰ কৰা এৰিয়া কমাণ্ডাৰজন হৈছে লংকেশ্বৰ কোঁচ ওৰফে লামবু । দুই সতীৰ্থকলৈ বাংলাদেশৰ পৰা আহি নতুন সদস্য ভৰ্তিৰ বাবে কোকৰাঝাৰত বাহৰ পাতি আছিল নেতাগৰাকীয়ে ।
কোকৰাঝাৰ আৰক্ষী আৰু ভাৰতীয় সেনাবাহিনীয়ে গোপন সূত্ৰৰ পমখেদি কোকৰাঝাৰৰ চক্ৰশীলা বনাঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এৰিয়া কামণ্ডৰ লংকেশ্বৰ কোঁচ সহ সুকীল বৰ্মন, সঞ্জীত বৰ্মন, মমিন ৰায়, বিপ্লৱ বৰ্মন, পঞ্চনন ৰায় আৰু গৌতম ৰায়ক ।

ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে গ্ৰেপ্তাৰ হোৱা দুৰ্ধৰ্ষ কেডাৰ কেইজনৰ । তেওঁলোকৰ পৰা ৭ টা পিষ্টল, কেইবা জাঁই সজীৱ গুলী আৰু বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী-সেনাবাহিনীয়ে ।
- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলঃ 1 জুনৰ পৰা আৰম্ভ হ’ৱ নতুন শিক্ষাবৰ্ষ