কোকৰাঝাৰ, 9 মেঃ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷
উল্লেখ্য যে, বড়ো সকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে কাম কৰা উপেন্দ্ৰনাথ ব্ৰহ্মক বডোফা অৰ্থাৎ বড়োসকলৰ পিতৃস্বৰূপ আখ্যা দিয়া হৈছিল ৷ ছাত্ৰ জীৱনতে ৰাজনীতিৰ লগত জড়িত হোৱা উপেন্দ্ৰনাথ ব্ৰহ্ম সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল ৷ ১৯৮৭ চনত আৰম্ভ হোৱা বড়ো আন্দোলনত উপেন্দ্ৰ নাথ ব্ৰহ্মই সন্মুখৰ পৰা নেতৃত্ব দিছিল ৷
-
We hope @rashtrapatibhvn Shri Ram Nath Kovind and Prime Minister Shri @narendramodi confer #BharatRatna to Bodofa and keep alive his thoughts and philosophy. Bodofa Upendranath Brahma is a role model for every Indian. n/n pic.twitter.com/nYYDIYfRkO
— Hagrama Mohilary (@HagramaOnline) May 8, 2020 " class="align-text-top noRightClick twitterSection" data="
">We hope @rashtrapatibhvn Shri Ram Nath Kovind and Prime Minister Shri @narendramodi confer #BharatRatna to Bodofa and keep alive his thoughts and philosophy. Bodofa Upendranath Brahma is a role model for every Indian. n/n pic.twitter.com/nYYDIYfRkO
— Hagrama Mohilary (@HagramaOnline) May 8, 2020We hope @rashtrapatibhvn Shri Ram Nath Kovind and Prime Minister Shri @narendramodi confer #BharatRatna to Bodofa and keep alive his thoughts and philosophy. Bodofa Upendranath Brahma is a role model for every Indian. n/n pic.twitter.com/nYYDIYfRkO
— Hagrama Mohilary (@HagramaOnline) May 8, 2020
বিটিচি প্ৰধানগৰাকীয়ে নিজৰ টুইটত উল্লেখ কৰে যে, " বড়োসকলৰ নেতা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম সদায় বড়ো নেতৃত্ব, ত্যাগ আৰু একতাৰ প্ৰতীক ৷ তেওঁৰ জীৱনৰ একমাত্ৰ মন্ত্ৰ আছিল 'Live and let live' ৷ তেওঁৰ কৰ্মৰাজীক সন্মান জনাই কেন্দ্ৰ চৰকাৰক বডোফাক ভাৰতৰত্ন প্ৰদান কৰাৰ অনুৰোধ জনালো ৷ প্ৰত্যেক ভাৰতীয়ৰ বাবে তেওঁ এজন আদৰ্শস্বৰূপ ৷ "
লগতে হাগ্ৰামা মহিলাৰীয়ে নিজৰ টুইটত উল্লেখ কৰে যে, "বডোফাৰ দৰ্শন আৰু চিন্তাধাৰাক জীয়াই ৰখাৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক ভাৰতৰত্ন প্ৰদান কৰিব বুলি আশা কৰিলো" ৷