ETV Bharat / state

ৰাজ্যৰ প্ৰান্ত প্ৰান্তে পালন গণেশ চতুৰ্থী - হোজাই জিলা

সমগ্ৰ দেশতেই উলহ মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ গণেশ চতুৰ্থী ৷ সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় গণেশ চতুৰ্থী ৷

GANESHPUJA CELEBRATION AT HOJAI,KARIMGANJ AND KOKRAJHAR
ৰাজ্যৰ প্ৰান্ত প্ৰান্তে পালন গণেশ চতুৰ্থী
author img

By

Published : Aug 23, 2020, 1:03 AM IST

নিউজ ডেস্ক, 22 আগষ্ট : আজি গণেশ চতুৰ্থী। সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ গণেশ চতুৰ্থী । সমান্তৰাল ভাৱে অসমতো পালন কৰা হয় গণেশ চতুৰ্থী ৷

GANESHPUJA CELEBRATION AT HOJAI,KARIMGANJ AND KOKRAJHAR
ৰাজ্যৰ প্ৰান্ত প্ৰান্তে পালন গণেশ চতুৰ্থী

হোজাই জিলাৰ লামডিঙৰ গান্ধী কলনীৰ বিভিন্ন সম্প্ৰদায়ৰ লোক সকলেও পৰম্পৰাগত ভাৱে গণেশ চতুৰ্থী অনুষ্ঠিত কৰে ৷ ক'ভিড ১৯ ৰ বাবে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি এইবাৰ অনুষ্ঠিত হ'ল গণেশ চতুৰ্থী। যাৰ ফলত আন বাৰৰ দৰে গণেশ মন্দিৰ সমুহত দেখা পোৱা নগ'ল ভক্তৰ ভিৰ। সেৰেঙা পৰিবেশত কিছু সংখ্যক ভক্তই ধূপ-ধূনা, চাকিৰ জ্বলাই সেৱা কৰাৰ লগতে আগবঢ়ালে নৈবদ্য ৷ ভক্ত সকলে নিজৰ লগতে দেশত সন্ত্ৰাস সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ পৰা মুক্ত পাবলৈ ৰাইজৰ মঙ্গল কামনাৰ্থে কৰে পূজা প্ৰাৰ্থনা ৷

আজি গনেশ চতুৰ্থীঃ ৰাজ্যৰ প্ৰান্ত প্ৰান্তে পালন কৰা হ'ল পূজা

ঠিক একেদৰে সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জতো উলহ মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ গণেশ চতুৰ্থী ৷ পুবাৰে পৰা দেখা গ'ল ভক্ত সকলে গণেশক পূজা-অর্চনা আগবঢ়োৱা । কিন্তু কৰ’ণা মহামাৰীৰ বাবে গণেশ পূজাৰ উৎসাহ উদ্দীপনা যথেষ্ট পৰিমাণে ম্লান পোৱা দেখা গৈছে । লক ডাউন থকাৰ বাবেই ভক্ত সকলৰ উপস্থিতি কম দেখিবলৈ পোৱা যায়। লক ডাউনৰ সকলো নীতি নিৰ্দেশনা মানি পূজা-অর্চনা কৰে ভক্ত প্ৰাণ ৰাইজে ৷

ইফালে কৰ'ণা সংক্ৰমণৰ মাজতে কোকৰাঝাৰবাসীয়েও উদযাপন কৰিলে গণেশ চতুৰ্থী ৷ পিছে আগৰ দৰে নহয়, এইবাৰ ব্যতিক্ৰম দেখাবলৈ পোৱা গ'ল পূজা মণ্ডপ সমুহত ৷ বৃহত্তৰ কোকৰাঝাৰ গণেশ পূজা সমিতিৰ উদ্যোগত উদযাপন কৰে গণেশ চতুৰ্থী ৷ কৰ'ণা ভাইৰাছৰ বাবে চৰকাৰে জাৰি কৰা লক ডাউনৰ সকলো নীতি- নিৰ্দেশনাৰ মাজেৰে পালন কৰে গণেশ চতুৰ্থী ৷ দেশত কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ গণেশ চতুৰ্থীৰ দিনটোতে গণেশৰ প্ৰতিমূৰ্তিত সেৱা আগবঢ়াইছে ৰাইজে ৷

লগতে পঢ়ক- লক্ ডাউনত কৰ্মহীন লৈ আত্মহত্যাৰ পথ বাছি ল'লে পতি-পত্নীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.