কোকৰাঝাৰ, ১৮ অক্টোবৰ : বিটিআৰৰ বনৰগাঁও আৰু সুবাইঝাৰ সমষ্টিৰ পৰিষদীয় সদস্য তথা বিপিএফৰ প্ৰাক্তন নেতা ক্ৰমে ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাত বসুমতাৰীয়ে বৃহৎ ধন দি বিজেপিত যোগদান কৰিছে ৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷
সোমবাৰে গোসাইগাঁওস্থিত বিপিএফৰ গুমা ব্লক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাত উপস্থিত থাকে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ৷ উক্ত সভাৰ পাচতে মহিলাৰীয়ে কয়, বনৰগাঁও আৰু সুবাইঝাৰ সমষ্টিৰ পৰিষদীয় সদস্য দুগৰাকীয়ে বিগত পাঁচ-ছয় মাহৰ পৰা বিজেপিত যোগদানৰ চেষ্টা চলাই আছিল ৷ কিন্তু বিজেপিয়ে সদস্য দুগৰাকীৰ যোগদানক লৈ গুৰুত্ব দিয়া নাছিল ৷
যাৰ পৰিপেক্ষিতত বিজেপিৰ পৰা গুৰুত্ব নাপাই ৰাজীৱ ব্ৰহ্মই দলটোৰে এগৰাকী কৰ্মীক ৪০ লাখ টকা দি পাৰিষদ দ্বয়ে বিজেপিত যোগদান কৰিছে বুলি অভিযোগ কৰে মহিলাৰীয়ে ৷ তেওঁ লগতে কয়, দুটা কিস্তিত ধন আদায় কৰিছিল ৰাজীৱ ব্ৰহ্মই ৷
ইপিনে, মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে আকৌ কয় যে, মিত্ৰতা সন্দৰ্ভত বিজেপিৰ সৈতে আলোচনা সম্পূৰ্ণ হৈছে ৷ এতিয়া কেৱল বিজেপিৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণাহে বাকী ৷ আনপিনে উপ-নিৰ্বাচনত বিপিএফে ভবানীপুৰ সমষ্টিত বিজেপিক সমৰ্থন কৰিব বুলি সদৰী কৰাৰ বিপৰীতে গোসাইগাঁও সমষ্টিত বিপিএফৰ জয় নিশ্চিত বুলি দাবী কৰে ৰাজীৱ মহিলাৰীয়ে ৷
লগতে পঢ়ক: অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই