ETV Bharat / state

হাগ্ৰামাই বড়ো ৰাইজৰ মাজত হেৰুৱাইছে গণভিত্তি

author img

By

Published : Mar 18, 2019, 6:44 AM IST

ইউপিপিএলৰ প্ৰাৰ্থীক জয় কৰাবলৈ মুকলি আহ্বান ৫৬ টাকৈ দল-সংগঠনৰ

ধীৰেন বড়ো

কোকৰাঝাৰ ১৭ মাৰ্চ : 'বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ দলৰ অধ্যক্ষ হাগ্ৰামা মহিলাৰীয়ে সময়ে সময়ে বড়োসকলৰ দীৰ্ঘদিনীয়া সুকীয়া বড়ো ৰাজ্যৰ দাৱীক মুকলিকৈ নসাৎ কৰি স্ব-গোষ্ঠী বিৰোধী মন্তব্য কৰাত বিটিএডিত বড়ো ৰাইজৰ প্ৰতি জনসমৰ্থন হেৰুৱাই পেলাইছে বিপিএফ দলে ৷' লোকসভাৰ সমাগত নিৰ্বাচনৰ আগমুহূৰ্তত দেওবাৰে কোকৰাঝাৰৰ দোতমাত বড়ো জনগোষ্ঠীৰ ৫৬ টাকৈ দল সংগঠনৰ উমৈহতীয়া মঞ্চ "পিপলচ জইন্ট একছ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেন্ট চমুকৈ পি জে এচি বি এম"ৰ প্ৰথম বিশেষ অভিৱৰ্তনৰ মুকলি সভাত এনেদৰে ক্ষোভ উজাৰে অস্ত্ৰবিৰতি চুক্তিত স্বাক্ষৰ কৰা আলোচনাপন্থী এন ডি এফ বি(প্ৰগতিশীল)গোটৰ অধ্যক্ষ ধীৰেন বড়োৱে ৷ তেওঁ লগতে সকলোকে লোকসভা নিৰ্বাচনত ইউ পিপি এলৰ প্ৰাৰ্থী কোকৰাঝাৰ সমষ্টিত উৰ্খাও গৌড়া ব্ৰক্ষ আৰু মংগলদৈ সমষ্টিত প্ৰদীপ কুমাৰ দৈমাৰীক পূৰ্ণ সমৰ্থন দি ভোটাৰ ৰাইজক বিবেক ভোটৰে প্ৰাৰ্থী দুগৰাকীক জয়ী কৰাৰ আহ্বান জনায় ৷

পি জে এচি বি এম"ৰ প্ৰথম বিশেষ অভিৱৰ্তনৰ মুকলি সভা

উল্লেখ্য যে দোতমাৰ হাৰিমু পথাৰত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পিজেএচিবিএমৰ প্ৰথম বিশেষ অভিৱৰ্তনখন দেওবাৰে সফল সামৰণি পৰে ৷ আনহাতে অভিৱৰ্তনত শতাধিক প্ৰতিনিধিৰ উপস্থিতিত উমৈহতীয়া মঞ্চ সংগঠনটোয়ে তিনিটা প্ৰস্তাৱ গৃহীত কৰে ৷ ইয়াৰে ভিতৰত ইউপি পিএলৰ প্ৰাৰ্থীক লোকসভা নিৰ্বাচনত পূৰ্ণ সমৰ্থন , দ্বিতীয়তে বড়ো সমস্যা সমাধান আৰু তৃতীয়তে এনডিএফবি(প্ৰ)ৰ শান্তি আলোচনাৰে সমস্যা সমাধান কৰা ৷ ইপিনে এই সভাত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰক্ষৰ লগতে এনডিএফবি (প্ৰ)ৰ গৃহ সচিৱ এম গেৰেমা, ন্যায়িক সচিৱ বি চুডেম, পিজেএচিবিএমৰ মুখ্য আহ্বায়ক গৌৰ্জন মুছাহাৰী আৰু বহু কেইটা সংগঠনৰ বিষয় ববিয়াই অংশ গ্ৰহণ কৰে ৷

দোতমাত পিজেএচিবিএমৰ প্ৰথম বিশেষ অভিৱৰ্তনৰ সামৰণি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.