কোকৰাঝাৰ,16 এপ্ৰিল : ৰঙালী বিহুৰ উলহ-মালহৰ মাজতে শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ নিলগৰ ভবানীপুৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ ভবানীপুৰ নিবাসী ৰাজু দেবনাথ নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় লোকজনৰ বাসগৃহ ৷ কিন্তু বৰ্তমানো অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷
ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে যদিও বাসগৃহটোৰ কেইবাটাও কোঠালী আৰু কেইবা লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷ লগতে অগ্নিকাণ্ডৰ ফলত ঘৰৰ টিনপাত পৰি লোকজন আহত হোৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, অগ্নিকাণ্ডৰ সময়ত ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকা ৰাজু দেবনাথৰ ৰোগাক্ৰান্ত বৃদ্ধা মাতৃ সন্ধ্যাৰাণী দেবনাথক উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ ইফালে জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে খবৰ দিয়াৰ পাচতো অগ্নিনিৰ্বাপক বাহিনীক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈক বৰপেটা বঁটা প্ৰদান