কোকৰাঝাৰ, ৪এপ্ৰিল: দেওবাৰে সন্ধিয়া ৬ বজাত সামৰণি পৰে ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ত কোকৰাঝাৰ জিলাৰ তিনিটা তিনিটা বিধানসভা সমষ্টি ক্ৰমে পূৱ কোকৰাঝাৰ (জনজাতি), পশ্চিম কোকৰাঝাৰ(জনজাতি) আৰু গোসাইগাওঁ বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷
উল্লেখ্য যে, ইয়াৰে ৩০নং পূৱ কোকৰাঝাৰ (জনজাতি) বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা সৰ্বমুঠ ১,৮৩,৯৯৩ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা ৯০,৪৭৫ গৰাকী, মহিলা ভোটাৰ সংখ্যা ৯২,৪১৬ গৰাকী, তৃতীয় লিংগৰ ভোটাৰ সংখ্যা এজন ৷ সমষ্টিটোত ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ২৮২টা ৷
২৯নং পশ্চিম কোকৰাঝাৰ (জনজাতি) সমষ্টিৰ সৰ্বমুঠ ভোটাৰ সংখ্যা ১,৮৬,৩৮৯ গৰাকী ৷ সমষ্টিটোত পুৰুষ ভোটাৰৰ সংখ্যা ৯৪,১৮৫ গৰাকী, মহিলা ভোটাৰ সংখ্যা ৮৯,৬৬৪ গৰাকী আৰু তৃতীয় লিংগৰ এগৰাকী। ইয়াৰ বিপৰীতে ভোট গ্ৰহন কেন্দ্ৰ হৈছে ২৬৭ টা ৷
আনহাতে, ২৮নং গোসাইগাওঁ বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯১,০৬৯ জন ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৬,৯৩৩ জন ৷ মহিলা ভোটাৰৰ সংখ্যা ৯১,৮৪৮ গৰাকী আৰু তৃতীয় লিংগৰ দুগৰাকী ৷
দেওবাৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া ভাস্কৰ ফুকনে সংবাদমাধ্যমৰ আগত সদৰী কৰা অনুসৰি, কোকৰাঝাৰ জিলাত মুঠ তিনিটা বিধানসভা সমষ্টি ক্ৰমে পূৱ কোকৰাঝাৰ, পশ্চিম কোকৰাঝাৰ আৰু গোসাইগাওঁ বিধানসভা সমষ্টিক সাঙুৰি মুঠ ১৩৪টা জটিল ভোট কেন্দ্ৰ আছে ৷ ১৬৯টা অতি স্পৰ্শকাতৰ, ৪০৯টা স্পৰ্শকাতৰ আৰু তুলনামুলক ভাৱে নিৰাপদ ৪০৩টা ভোট গ্ৰহণ কেন্দ্ৰ আছে ৷
তেনেদৰে তিনিটা সমষ্টিক ৫১টা স্থানত বিভক্ত কৰাৰ উপৰিও ২৩টাকৈ ছেক্টৰ আৰু ৫টা মণ্ডলত বিভক্ত কৰা হৈছে ৷ তদুপৰি তিনিওটা বিধানসভা সমষ্টিৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত ৮৪ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ৷ উক্ত ভোট গ্ৰহণ কেন্দ্ৰসমূহত সশস্ত্ৰ বাহিনীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷
সোমবাৰে পুৱাৰ ভাগত প’লিং, প্ৰিজাইডিং বিষয়া সকল নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হ’ব ৷ জিলা প্ৰশাসনক শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে বুলি উপায়ুক্ত ফুকনে মন্তব্য কৰে ৷
উল্লেখ্য যে, নিৰ্বাচন আয়োগে এইবাৰ পোন প্ৰথম বাৰৰ বাবে দিব্যাংগ, ৮০উৰ্দ্ধৰ ব্যক্তি আৰু ক’ভিড আক্ৰান্ত ভোটাৰ সকলৰ বাবে প’ষ্টেল ভোটৰ ব্যৱস্থা কৰিছে ৷ পূৱ কোকৰাঝাৰ সমষ্টিৰ ৮০ৰ উৰ্দ্ধৰ ভোটাৰ ২,৫৮৪ গৰাকী, পশ্চিম কোকৰাঝাৰ সমষ্টিৰ ২,৫৩৯, গোসাইগাওঁ সমষ্টিত ২,২৮৬ গৰাকী ৷
লগতে পঢ়ক: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা