কোকৰাঝাৰ, 29 অক্টোবৰ : পোনপ্ৰথম বাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হয় আন্তঃ জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন ৷ কোকৰাঝাৰ জিলা দুলাৰাই বড়ো হাৰিমু আফাদৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই সাংস্কৃতিক অনুষ্ঠান ৷ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত খংখোলা বাদাত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকনৃত্যসমূহ প্ৰদৰ্শন কৰা হয় ৷
উল্লেখ্য যে, পোনপ্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হোৱা সন্মিলনত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লোৰেন্স ইছলাৰী, নৃত্য প্ৰশিক্ষক ড৹ অনুপ হাজৰিকা, সংগীত নাটক অকাডেমীৰ কাৰ্যক্ৰম সঞ্চালক ৰতন হাজৰিকাৰ লগতে ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক কৰ্মকৰ্তা সকল ৷