ETV Bharat / state

Congress Press Meet in kokrajhar: প্ৰমোদ বড়োই কংগ্ৰেছক ভয় কৰিছে :গৰ্জন মুছাহাৰী - Preparation of Congress meeting in Kokrajhar

কোকৰাঝাৰত কংগ্ৰেছৰ সংবাদমেল ৷ বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদ কংগ্ৰেছৰ দলীয় সভাৰ বাবে অনুমতি প্ৰদান নকৰাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ ৷ বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদ প্ৰমোদ বড়োৰ সম্পত্তি নহয় ৷ অনুমতি নিদিলে ৰাস্তাতে দলীয় সভা আয়োজনৰ হুংকাৰ ৷

Bodofa Cultural Project Campus in kokrajhar
কোকৰাঝাৰত কংগ্ৰেছৰ সংবাদমেল
author img

By

Published : Aug 19, 2023, 8:11 PM IST

কোকৰাঝাৰত কংগ্ৰেছৰ সংবাদমেল

কোকৰাঝাৰ, ১৯ আগষ্ট : কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদত কংগ্ৰেছৰ দলীয় সভাৰ বাবে অনুমতি প্ৰদান নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেতা গৰ্জন মুছাহাৰীয়ে । শনিবাৰে বিয়লি কোকৰাঝাৰ কংগ্ৰেছ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি বিটিআৰৰ জেষ্ঠ্য কংগ্ৰেছ নেতা তথা এপিচিচিৰ সম্পাদক গৰ্জন মুছাহাৰীয়ে কয় যে অহা ২৫ আগষ্টত কংগ্ৰেছৰ এক দলীয় সভাৰ বাবে কোকৰাঝাৰৰ চান্দমাৰীৰ বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদৰ অনুমতি বিচাৰি বিভাগীয় নিয়মানুসৰি আবেদন কৰা হৈছিল । কিন্তু ইয়াত কংগ্ৰেছৰ দলীয় সভাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই ।

লগতে পঢ়ক:World Photography day 2023: মাজুলীৰ প্ৰথমজন ফটোগ্ৰাফাৰ দিলু দাদা কেনে আছে !

বিটিআৰৰ জেষ্ঠ্য কংগ্ৰেছ নেতা তথা এপিচিচিৰ সম্পাদক গৰ্জন মুছাহাৰীয়ে উল্লেখ কৰা মতে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োই বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদ কংগ্ৰেছৰ দলীয় সভাৰ বাবে অনুমতি প্ৰদান নকৰিলে । উক্ত ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি গৰ্জন মুছাহাৰীয়ে কয়," আচলতে প্ৰমোদ বড়োই কংগ্ৰেছক ভয় কৰিছে । কেইদিনমান আগতে অগপক উক্ত ঠাইত সভা অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিলে অথচ এতিয়া কংগ্ৰেছক নিদিয়ে ।"

লগতে পঢ়ক:World Photography Day 2023 : গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন; ধনীৰাম কলিতালৈ ফটো সাংবাদিকতা বঁটা

বডোফা সাংস্কৃতিক প্ৰকল্প বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৰ পৈত্ৰিক সম্পত্তি নহয় বুলি উল্লেখ কৰি গৰ্জন মুছাহাৰীয়ে কয় যে যদিহে প্ৰমোদ বড়োই বডোফা সাংস্কৃতিক প্ৰকল্পত কংগ্ৰেছৰ দলীয় সভা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান নকৰে তেনেহ'লে প্ৰয়োজনবশত ৰাস্তাতে কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰা হ'ব । উল্লেখ্য যে,অহা ২৫ আগষ্টত অনুষ্ঠিত হবলগীয়া কংগ্ৰেছৰ দলীয় সভাত এপিচিচিৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈৰ লগতে কেইবাগৰাকী কংগ্ৰেছৰ সাংসদ আৰু বিধায়কে অংশ গ্ৰহণ কৰিব ৷

লগতে পঢ়ক:MLA Prasanta Phukan: ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ ওপৰত আক্ৰমণ ; অভিযুক্ত মদন শ্বাহক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.