ETV Bharat / state

উত্তৰ পূৱৰ প্ৰৱেশদ্বাৰ শ্ৰীৰামপুৰত উপস্থিত মুখ্যমন্ত্ৰী

author img

By

Published : May 25, 2021, 7:23 PM IST

উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ শ্ৰীৰামপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ মঙলবাৰে কোকৰাঝাৰ জিলাৰ অসম-পশ্চিমবংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰীৰামপুৰত স্থাপন কৰা ক’ভিড 19 পৰীক্ষা কেন্দ্ৰ পৰ্যবেক্ষণ । অসমত লক ডাউন নহয় আৰু গাওঁ অঞ্চলত আবেলি পাঁচ বজাৰ পৰিবৰ্তে দুই বজাৰ পৰা লক ডাউন দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য ৷

শ্ৰীৰামপুৰত প্ৰমোদ বড়োৰ সৈতে উপস্থিত ড৹ হিমন্ত বিশ্ব শৰ্মা

কোকৰাঝাৰ, ২৫ মে': অসমত লকডাউন নহয় । গাওঁ অঞ্চলত আবেলি পাঁচ বজাৰ পৰিৱৰ্তে দুই বজাৰ পৰা আংশিক লকডাউন দিয়া হ'ব । এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ মঙলবাৰে উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ তথা কোকৰাঝাৰ জিলাৰ অসম-পশ্চিমবংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যত অক্সিজেন পৰ্যাপ্ত পৰিমাণৰ আছে বুলি উল্লেখ কৰি চিৰাঙত অক্সিজেন উৎপাদনকাৰী প্লান্ট এটা স্থাপন কৰা হৈছে আৰু ভবিষ্যতে প্ৰত্যেক জিলা হাস্পতালত নিজা অক্সিজেন প্লান্ট স্থাপন কৰাৰ পৰিকল্পনা আছে বুলি সদৰী কৰে । আনহাতে, ক’ভিড আক্ৰান্ত ৰোগীৰ কাৰণে হোম আইচ’লেশ্যনৰ ব্যৱস্থা লাহে লাহে কমাই দিয়াৰ বাবে ৰাজ্যৰ জিলা উপায়ুক্তক কোৱা হৈছে বুলি উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, হোম আইচ’লেশ্যনৰ ফলত গাঁৱত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৷ লগতে ৰেপিড এন্টিজেন টেষ্টৰ লগতে আৰটি পিচিআৰৰ সংখ্যা বঢ়াব লাগে যাতে অচিৰেই কোকৰাঝাৰ জিলাৰ পৰা ক’ভিড নিৰাময় হয় ৷ ৰাজ্যত কৰ’ণা আক্ৰান্তৰ মৃত্যুৰ হাৰ এক শতাংশ থকাৰ বিপৰীতে দেশৰ আন বিভিন্ন ৰাজ্যত মৃত্যুৰ হাৰ ১.০৫ শতাংশ বলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰে ৷

উল্লেখ্য যে, মঙলবাৰে পুৱা শ্ৰীৰামপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰীৰামপুৰত স্থাপন কৰা ক’ভিড- 19 পৰীক্ষা কেন্দ্ৰ পৰ্যবেক্ষণ কৰে । লগতে ক’ভিড যোদ্ধা, স্বাস্থ্য বিষয়া-কৰ্মী আৰু জিলা প্ৰশাসনৰ বিষয়াৰ সৈতে মত বিনিময় কৰি কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ক’ভিড ব্যৱস্থাপনা কেন্দ্ৰ পৰ্যবেক্ষণৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই এক বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : অন্ধকাৰৰ সুযোগ গ্ৰহণ দুৰ্বৃত্তৰ: কাটি তহিলং কৰিলে গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.