ETV Bharat / state

মাজবাট সংহত শিশু উন্নয়ন কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ - সংবাদমেল

বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱাৰ কৰ্মী আৰু সহায়িকা পদৰ নিযুক্তিৰ ক্ষেত্ৰত হোৱা খেলিমেলিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভাগটোৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৷ কাৰ্যবাহী সদস্যগৰাকীয়ে বৰ্তমানৰ বিটিআৰ চৰকাৰে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে আৰু খেলিমেলি সংঘটিত কৰা বিষয়া-কৰ্মচাৰীক ৰেহাই নিদিয়ে বুলি সদৰী কৰে ।

মাজবাট সংহত শিশু উন্নয়ন কেন্দ্ৰত নিযুক্তিত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Feb 17, 2021, 6:43 AM IST

কোকৰাঝাৰ,17 ফেব্ৰুৱাৰী: বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱাৰ কৰ্মী আৰু সহায়িকা পদৰ নিযুক্তিৰ ক্ষেত্ৰত হোৱা খেলিমেলিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভাগটোৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৷ মঙলবাৰে বিটিআৰ সচিবালয়ৰ বিভাগটোৰ কাৰ্যালয়ৰ কক্ষত এক সংবাদমেল সম্বোধন কৰি কাৰ্যবাহী সদস্য গৌতম দাসে কয় যে, ওদালগুৰি জিলাৰ মাজবাট সংহত শিশু উন্নয়ন সেৱাৰ অন্তৰ্গত 10 টাকৈ অংগনবাদী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা পদত নিযুক্তিৰ ক্ষেত্ৰত খেলিমেলি হোৱাৰ অভিযোগ উঠিছে ৷ 2019 চনৰ জুলাইত সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ পিছত, বিগত জানুৱাৰী মাহত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিভাগীয় কৰ্তৃপক্ষই এই নিযুক্তিৰ খেলিমেলি সন্দৰ্ভত জ্ঞাত নহয় বুলি দাসে প্ৰকাশ কৰে ৷

মাজবাট সংহত শিশু উন্নয়ন কেন্দ্ৰত নিযুক্তিত দুৰ্নীতিৰ অভিযোগ

সম্প্ৰতি এই প্ৰক্ৰিয়া সন্দৰ্ভত তদন্ত কৰা হ'ব ৷ বিটিআৰ চৰকাৰে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে ৷ খেলিমেলি সংঘটিত কৰা বিষয়া-কৰ্মচাৰীসকলক ৰেহাই নিদিয়াৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰে সমাজ কল্যাণ বিভাগৰ বিষয়া গৌতম দাসে ৷ তদুপৰি পূৰ্বৰ চৰকাৰৰ আমোলত বিভাগটোত সংঘটিত হোৱা দুৰ্নীতি, কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথাও জানিবলৈ দিয়ে দাসে ৷

লগতে পঢ়ক: বঙাইগাঁৱত চাৰিটাকৈ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.