ETV Bharat / state

Bodoland Movement martyrs: শ্বহীদ পৰিয়াললৈ আৰ্থিক অনুদান আগবঢ়ালে BTR চৰকাৰে - Bodoland Movement martyrs

বড়োলেণ্ড আন্দোলনৰ ১৯৩ গৰাকী শ্বহীদ পৰিয়াললৈ পাচঁ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰা হয় সোমবাৰে ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োই প্ৰদান কৰিলে আৰ্থিক অনুদানৰ চেক ৷ চলিত বৰ্ষতে আৰু ৫০০ৰ পৰা ৭০০ গৰাকী শ্বহীদৰ পৰিয়ালক পাঁচ লাখ টকাৰ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হব বুলি কয় প্ৰমোদ বড়োই (Financial aid to Bodoland movement martyrs) ৷

BTR administration distributes cheque among martyrs families
শ্বহীদ পৰিয়াললৈ আৰ্থিক অনুদান
author img

By

Published : Apr 4, 2023, 1:51 PM IST

শ্বহীদ পৰিয়াললৈ আৰ্থিক অনুদান আগবঢ়ালে BTR চৰকাৰে

কোকৰাঝাৰ, 4 এপ্ৰিল : বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা ১৯৩ টা পৰিয়ালৰ আত্মীয়লৈ সোমবাৰে আগবঢ়োৱা হয় আৰ্থিক অনুদান ৷ শ্বহীদ পৰিয়াললৈ পাচঁ লাখ টকাৰ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰা হয় সোমবাৰৰ দিনটোত ৷ কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰীত অৱস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত কালি বিয়লি অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে শ্বহীদ পৰিয়ালবৰ্গলৈ আৰ্থিক অনুদানৰ এই চেক প্ৰদান কৰা হয় (Financial aid to bodoland movement martyrs) ৷

বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম সহ বিটিআৰৰ কেইবাগৰাকী কাৰ্যবাহী সদস্যই ১৯৩ গৰাকী শ্বহীদৰ পৰিয়ালৰ মাজত চেকসমূহ বিতৰণ কৰে ৷ উল্লেখ্য যে, অসম চৰকাৰৰ অনুমোদনত আৰু বিটিআৰ চৰকাৰৰ সহযোগত বড়োলেণ্ড আন্দোলনত প্ৰাণাহুতি দিয়া ৩,১৬৮ গৰাকী শ্বহীদৰ পৰিয়ালক পাঁচ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে ৷ সেই অনুসৰি সোমবাৰে প্ৰথম পৰ্যায়ত ১৯৩ গৰাকী শ্বহীদ পৰিয়াললৈ আগবঢ়োৱা হয় আৰ্থিক অনুদান (BTR administration distributes cheque among martyrs families) ৷

BTR administration distributes cheque among martyrs families
শ্বহীদ পৰিয়াললৈ আৰ্থিক অনুদান

চেক বিতৰণৰ অন্তত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত কয় যে শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত প্ৰথমে বিএচি, বিটিচি আৰু বিটিআৰ পাবলৈ সক্ষম হৈছো । শ্বহীদসকলক ন্যায় দিয়াটো এটা দায়িত্ব বুলি উল্লেখ কৰি সোমবাৰে প্ৰথম পৰ্যায়ত ১৯৩ গৰাকী শ্বহীদৰ পৰিয়ালক আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হৈছে যদিও চলিত বৰ্ষতে পুনৰ ৫০০ ৰ পৰা ৭০০ গৰাকী শ্বহীদ পৰিয়াললৈ পাঁচ লাখ টকাৰ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হ’ব বুলি কয় প্ৰমোদ বড়োই (BTR chief Pramod Boro) ৷

উল্লেখ্য যে, আৰ্থিক অনুদান প্ৰদান অনুষ্ঠানত বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস , দাওবৈচা বড়ো, ৰঞ্জিত বসুমতাৰী, উইলছ হাছদা, অৰূপ কুমাৰ দে, ঘনশ্যাম দাস সহ কেইবাগৰাকী কাৰ্যবাহী সদস্য,পাৰিষদ আৰু বিটিআৰৰ প্ৰধান সচিব অনুৰাগ গোৱেল উপস্থিত থাকে ৷

লগতে পঢ়ক : Villagers deprived from govt schemes : চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ধেমাজিৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.