কোকৰাঝাৰ, ৪ ছেপ্টেম্বৰ: বিটিআৰৰ সদৰ কোকৰাঝাৰত ছয় ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক(Assam cabinet meeting in Kokrajhar)৷ অসম চৰকাৰৰ কেবিনেট বৈঠক উপলক্ষে ইতিমধ্যে বিটিআৰ পৰিষদ আৰু জিলা প্ৰশাসনে কোকৰাঝাৰ সদৰ চহৰখনক ন-কইনাৰ ৰূপত চৌদিশে আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে ।
বৰষুণে বিধি-পথালি দিলেও প্ৰশাসনে সদৰ চহৰখনক সৰ্বাংগসুন্দৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই ৷ ইতিমধ্যে বিটিচআৰ সচিবালয়ৰ মূল প্ৰৱেশদ্বাৰ, বড়োলেণ্ড অতিথিশালাকে ধৰি বিভিন্ন বিভাগৰ অতিথিশালা, অভাৰব্ৰীজ, চহৰৰ অন্যান্য ঠাই সমূহ ৰং-তুলিকাৰে নতুন ৰূপত সজাই-পৰাই তুলিছে ।
মঙলবাৰে অৰ্থাৎ ছয় ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠক উপলক্ষে দেওবাৰে বিটিআৰৰ প্ৰধান সচিব অনুৰাগ গোৱেলৰ(BTC principal secretary Anurag Goel) অধ্যক্ষতাত সচিবালয়ৰ প্ৰেক্ষাগৃহত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকা(Kokrajhar district DC), জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে(Kokrajhar SP), বিটিআৰৰ সচিবসকল আৰু বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে ।
কেবিনেট বৈঠক উপলক্ষে আগমন হ’বলগীয়া মন্ত্ৰী আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে যাতে থকা-খোৱাকে ধৰি আন কোনো ক্ষেত্ৰতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো দিশৰ ওপৰৰ পৰ্যালোচনা কৰা হয় ৷ ইয়াৰোপৰি সকলো দিশতে গুৰুত্ব আৰোপ কৰি পৰ্যালোচনা বৈঠকতে মূৰব্বী বিষয়াসকলক মন্ত্ৰীসকলৰ প্ৰট'কল বিষয়া হিচাবে ডেপুটেচনলৈ অনা হয় । ইপিনে সোমবাৰৰ ভিতৰত মন্ত্ৰীসকল কোকৰাঝাৰত উপস্থিত হ’ব আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও নিশা উপস্থিত হ’ব বুলি জানিব পৰা হৈছে ।
মুখ্যমন্ত্ৰীয়ে নৈশ যাপনৰ কাৰণে ইতিমধ্যে চৰাইখোলাৰ সপ্তম বেটেলিয়নৰ ওচৰত থকা বিটিআৰ পৰ্যটন বিভাগৰ অতিথিশালাটো মেৰামতি কৰি আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৷ ইপিনে ৰাস্তা-ঘাটৰ নিৰ্মানকাৰ্য নিশাও চলি আছে আৰু যুদ্ধকালিন তৎপৰতাৰে প্ৰশাসনে শেষ পৰশ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: জেহাদী প্ৰসংগত ইছলামিক সংগঠনৰ প্ৰতিনিধিৰে DGPৰ আলোচনা