ETV Bharat / state

শীঘ্ৰে বিটিচিত নিৰ্বাচন অনুস্থিত কৰাৰ দাবী

পিউপিল জণ্ড এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট সংগঠনে কোকৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাজ্য নিৰ্বাচন আয়োগলৈ।

btc-elections-fristly-held-demand-pjacbm
শীঘ্ৰে বিটিচিত নিৰ্বাচন অনুস্থিত কৰাৰ দাবী
author img

By

Published : Jul 9, 2020, 12:31 AM IST

কোকৰাঝাৰ,৮জুলাইঃ পিউপিল জণ্ড এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট চমুকৈ PJACBM নামৰ সংগঠনটোৱে শীঘ্ৰেই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী তুলিছে। বুধবাৰে সংগঠনটোৱে কোকৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাজ্য নিৰ্বাচন আয়োগলৈ।

শীঘ্ৰে বিটিচিত নিৰ্বাচন অনুস্থিত কৰাৰ দাবী
ইফালে পিউপিল জণ্ড এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট সংগঠনটোৰ মুখ্য আহ্বায়ক গৰ্জন মুচাহাৰীয়ে সংবাদ মেল সম্বোধন কৰি কয় যে বিটিচি নিৰ্বাচন যিমানে পলমকৈ হ'ব সিমানেই বি টি এডি অঞ্চলত অস্থিৰতা অব্যাহত থাকিব। কাৰণ এতিয়া ৰাজনৈতিক দল আৰু কিছু ৰাজনৈতিক নেতাক সৰ্মথন কৰা সমৰ্থকে নিজৰ লাভালাভৰ বাবে আৰু জনতাক আকৰ্ষণৰ বাবে ছ‘চিয়েল মিডিয়াক অপব্যৱহাৰ কৰিবলৈ লৈছে বুলি অভিযোগ কৰে সংগঠনটোৱে । এটা দলে আন এটা দলক কৰা আক্ৰমণ প্ৰত্যাক্ৰমণৰ বাবে গাঁওসমূহত এক উত্তেজিত পৰিবেশ বিৰাজ কৰা দেখা গৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৰ্জন মুচাহাৰীয়ে ৷ আগন্তুক সময়ত ইয়াকে লৈ কোনো অঞ্চলত যাতে অস্থিৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে অতি শীঘ্ৰে বিটিচিত নিৰ্বাচন আয়োজন কৰাৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত দাবী তুলিছে পিউপিল জণ্ড এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট সংগঠনতোৰ মুখ্য আহ্বায়ক গৰ্জন মুচাহাৰীয়ে ।লগতে পঢ়কঃ মহানগৰীৰ বজাৰে-বজাৰে যোগান মন্ত্ৰীৰ তহল.

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.