কোকৰাঝাৰ, 27 ডিচেম্বৰ : কোকৰাঝাৰত বিপিএফৰ শতাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান (BPF members joines BJP) ৷ বিটিআৰত ইউপিপিএল, বিজেপি আৰু জিএছপি মিত্ৰজোঁটৰ চৰকাৰে শাসনভাৰ চম্ভালি থকাৰ সময়তে সাংগঠনিক ভেঁটি মজবুত কৰাৰ ক্ষেত্ৰত গেৰুৱা দলটোৱে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ৷

দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত বিজেপিৰ যোগদান সভাত বিপিএফৰ শতাধিক নেতা-কৰ্মীয়ে দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ বিপিএফৰ পৰা ফালৰি কাটি আহি বিজেপিত যোগদান কৰা বনৰগাঁও সমষ্টিৰ পাৰিষদ ৰাজীৱ কুমাৰ ব্ৰহ্মৰ নেতৃত্বত জিলাখনৰ শান্তিনগৰৰ দুটাকৈ ৱাৰ্ডৰ ডেৰ শতাধিক বিপিএফ সদস্যই গেৰুৱা বসন পৰিধান কৰে ৷

ব্ৰহ্মই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসম তথা বিটিআৰ উন্নয়নৰ দিশত দোপত-দোপে আগবাঢ়ি যোৱাৰ বাবে দেওবাৰে স্ব-ইচ্ছাই বিপিএফৰ সদস্যসকলে বিজেপিত যোগ দিবলৈ অহা বুলি সদৰী কৰে ৷
বিজেপিৰ বনৰগাঁও সমষ্টিৰ মণ্ডল সভাপতি জাইকো জায়ত নাৰ্জাৰীয়ে বিটিআৰত বিজেপি দলৰ সাংগঠনিক ভেটি মজবুত কৰি তুলি 2025 চনত বিজেপিয়ে অকলেই চৰকাৰ গঠনৰ বাবে আগবাঢ়িব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
লগতে পঢ়ক: ছাত্ৰ সন্থাৰ সদস্যৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ লাগিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য