ETV Bharat / state

Kokrajhar Murder: সম্পৰ্কীয় ভাতৃক হত্যা কৰি পুতিলে পথাৰত; 12 দিনৰ মূৰত গাঁত খান্দি উদ্ধাৰ মৃতদেহ - Assam Police

কোকৰাঝাৰৰ সুতাৰপাৰত সস্পৰ্কীয় ভাতৃয়ে হত্যা কৰিলে ৰাজাক ৷ 12 দিনৰ পাচত গাঁত খান্দি উদ্ধাৰ ৰাজা চৰেণৰ মৃতদেহ ৷ শুকুৰবাৰে আৰক্ষীৰ জালত পৰিল হত্যাকাৰী মিনি চৰেন ৷

Kokrajhar Murder
কোকৰাঝাৰত হত্যাকাণ্ড
author img

By

Published : Aug 13, 2023, 11:44 AM IST

কোকৰাঝাৰত হত্যাকাণ্ড

কোকৰাঝাৰ, 13 আগষ্ট: কোকৰাঝাৰ জিলাৰ সুতাৰপাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পাৰিবাৰিক কন্দলৰ বাবে সম্পৰ্কীয় ভাতৃয়ে হত্যা কৰি ধাননি পথাৰত পুতি থ’লে ভাতৃক ৷ শনিবাৰে এই চাঞ্চল্যকৰ হত্যাকণ্ড ঘটনা পোহৰলৈ আহিছে ৷

জানিব পৰা মতে, সম্পৰ্কীয় ভাতৃ মিনি চৰেণে কুঠাৰেৰে ৰাজা চৰেণক হত্যা কৰিছিল 12 দিনৰ পূৰ্বে ৷ ৰাজা চৰেণক হত্যা কৰি মিনি চৰেণে মৃতদেহ পুতি থৈছিল ধাননি পথাৰত ৷ শুকুৰবাৰে হত্যাকাৰী মিনি চৰেণ আৰক্ষীৰ জালত পৰে ৷ তেতিয়াই সমগ্ৰ হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছিল ৷ তাৰ পাচতে শনিবাৰে বিয়লি দণ্ডাধীশৰ উপস্থিতিত ধাননি পথাৰৰ পৰা গাঁত খান্দি ৰাজা চৰেণৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে ৷

উল্লেখ্য যে, যোৱা ৩১ জুলাইৰ নিশাৰ পৰাই ৰাজা চৰেণ ওৰফে সুক্লু চৰেণ সন্ধানহীন হৈ আছিল । এটা জৰাজীৰ্ণ ঘৰত বসৱাস কৰা ৰাজা চৰেণক যোৱা ৩১ জুলাইৰ নিশা কুঠাৰেৰে ঘপিয়াই হত্যা কৰি মৃতদেহটো কম্বল মেৰিয়াই ঘৰৰ পৰা তিনি-চাৰিশ মিটাৰ দূৰৰ পথাৰত পোতে হত্যাকাৰী মিনি চৰেণে । পিচত উক্ত মাটিৰ গৰাকীয়ে ৰাজা চৰেণক পুতি থোৱা ঠাইত ধানখেতি কৰে । এই বিস্ফোৰক স্বীকাৰোক্তি ভিত্তিত আৰক্ষীয়ে শনিবাৰে ধাননি পথাৰৰ পৰা গাঁত খান্দি অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে । ইপিনে ৰাইজৰ অভিযোগ, চাৰিবছৰ পূৰ্বে মিনি চৰেণে ৰাজা চৰেণৰ মাতৃ কমিলা চৰেণকো হত্যা কৰিছিল ।

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) পৃথীৰাজ ৰাজখোৱাই কয় যে, ৰাজা চৰেণক তেওঁৰ সম্পৰ্কীয় ভাতৃ মিনি চৰেনে হত্যা কৰিছে আৰু অভিযুক্তই দেখুৱাই দিয়া স্থানৰ পৰা মৃতদেহ উদ্ধাৰ কৰা হয় । শীঘ্ৰে এই সন্দৰ্ভত আদালতত চাৰ্জচিট দাখিল কৰা হ'ব বুলি সদৰী কৰিছে কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথীৰাজ ৰাজখোৱাই ।

লগতে পঢ়ক:Rape case in kokrajhar: জঘন্য ! কাম দিয়াৰ প্ৰলোভনেৰে দুই যুৱতীক 15 দিন উপৰ্যুপৰি ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.