কোকৰাঝাৰ, 8 আগষ্ট: বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত ৰাজ্যজুৰি বিদ্যুৎ কৰ্মচাৰীয়ে সৰ্বভাৰতীয় বিদ্যুত কৰ্মী-অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত সাব্যস্ত কৰিছে প্ৰতিবাদ (Protest against the electricity amendment bill 2022) ৷ সামান্তৰালকৈ সোমবাৰে কোকৰাঝাৰৰ এপিডিচিএলৰ কাৰ্যালয়ৰ প্ৰাংগণত জনস্বাৰ্থ বিৰোধী বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত বিদ্যুৎ কৰ্মী-অভিযন্তাসকলে দিনজোৰা ধৰ্মঘট পালন কৰে (APDCL employees Protest in Kokrajhar ) ।
লগতে হাতে হাতে প্লে’ কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় বিদ্যুত কৰ্মী- অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ গোসাইগাঁও শাখাৰ কাৰ্যকৰী সম্পাদক বিনোদ মিৰধাই চৰকাৰে অতি গোপনে আৰু চতুৰালিৰে সংসদৰ চলিত অধিৱেশনতে বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ গৃহীত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷
নেতাগৰাকীয়ে ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি বিদ্যুত সংশোধনী বিধেয়ক ২০২২ গৃহীত হ’লে বহু লোক কৰ্মসংস্থাপন হেৰুৱাব বুলি সদৰি কৰে । তদুপৰি মিটাৰসমুহ ৰিচাৰ্জ চিষ্টেম হ’ব ৷ ফলত গ্ৰাহকসকলে অত্যাধিক হাৰত বিদ্যুতৰ বিল বহন কৰিব লাগিব বুলিও মন্তব্য কৰে বিনোদ মিৰধাই । ব্যক্তিকৰণৰ পিছত শ্ৰমিকক দৰমহা নিদিব আৰু প্ৰতিবাদ কৰিলে পুলিচে লাঠীচাৰ্জ কৰিব বুলি উল্লেখ কৰে বিনোদ মিৰধাই ৷
ইয়াৰলগতে প্ৰশাসনৰ লগত যুঁজিব নোৱাৰি বুলি মন্তব্য কৰি বিদ্যুত সংশোধনী বিধেয়ক ২০২২ গৃহীতকৰণৰ বিৰোধিতা কৰি ইয়াক বাতিল কৰিবলৈ দাবী জনায় নেতাগৰাকীয়ে ।
লগতে পঢ়ক: APDCL employees protest: বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত প্ৰতিবাদ