কোকৰাঝাৰ ২৯ অক্টোবৰ: কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এবিএমছুৰ কেন্দ্ৰীয় নেতা মইনুদ্দিন আলীক ৷ চালেকাটিত শেহতীয়াকৈ পোহৰলৈ অহা মৰেল পুলিচিঙৰ নৃশংসতাৰ এক হৃদয় বিদাৰক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কেন্দ্ৰীয় নেতাজনক (Moral policing in Kokrajhar)। এগৰাকী ই- ৰিক্সাচালকক এবিএমছুৰ কাৰ্যালয়লৈ নি বাহেঁৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈছে চালেকাটিত ৷ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কোকৰাঝাৰ আৰক্ষীয়ে এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলীক গ্ৰেপ্তাৰ কৰিছে ৷
উল্লেখ্য যে যোৱা ২৬ অক্টোবৰত চালেকাটি এলেকাৰ ই-ৰিক্সাচালক চান্দ আলীক মোবাইল চুৰি কৰাৰ সন্দেহত এবিএমছুৰ চালেকাটি আঞ্চলিক কাৰ্যালয়লৈ লৈ যোৱা হয় ৷ তাতেই বিচাৰৰ নামত অসহায় চান্দ আলীক বাঁহৰৰ বেটেৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা হয় ৷ যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ কোকৰাঝাৰ চিকিৎসালয়ত চিকিৎসাধীন হবলগীয়া হয় চান্দ আলীক ৷
তদুপৰি চান্দ আলীৰ পৰা দুই লাখ টকাৰ জৰিমনা দাবী কৰে এবিএমছুৰ নেতৃবৃন্দই(All Bodo Minority Students Union) ৷ চান্দ আলীক এনেদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাৰে এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলীৰ উপৰিও জামাল আলী আৰু ৰফিক আলী নামৰ আন দুজন লোক জড়িত আছিল বুলি চান্দ আলীৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে ৷ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে মইনুদ্দিন আলী আৰু জামাল আলীৰ নিৰ্দেশতে ৰফিক আলী নামৰ যুৱকজনে চান্দ আলীক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷
ঘটনা সন্দৰ্ভত চালেকাটি উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছিল যদিও চালেকাটি আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তোলে পৰিয়ালৰ লোকে ৷ পিছত উপায়হীন হৈ চান্দ আলীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি শুকুৰবাৰে নিশা চালেকাটিৰ পৰা এবিএমছুৰ নেতা মইনুদ্দিন আলীক গ্ৰেপ্তাৰ কৰে(ABMSU Leader arrested for moral policing) ৷
ঘটনাৰে জড়িত জামাল আলী বৰ্তমানেও পলাতক অৱস্থাত আছে বুলি জানিবলৈ পৰা গৈছে ৷
লগতে পঢ়ক: 2024 Loksabha election: মিত্ৰতা ভংগৰ দিশে অগপ-বিজেপি !