ETV Bharat / state

গোসাঁইগাৱঁত বজ্ৰপাতত এজন যুৱকৰ মৃত্যু - ১০৮ মৃত্যুঞ্জয় সেৱা

শনিবাৰে নিশা বজ্ৰপাত পৰি অকাল মৃত্যুক সাবটিলে অবিৰ্নাশ মুৰ্মূৱে ৷

as_koj_lighting_one_killed_vis_rtu_7204384
গোসাঁইগাৱঁত বজ্ৰপাতত এজন যুৱকৰ মৃত্যু
author img

By

Published : May 17, 2020, 3:11 PM IST

গোসাঁইগাৱঁত, ১৭, মেঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাৱঁত শনিবাৰে নিশা মুষলধাৰ বৰষুণৰ মাজতে সংঘটিত বজ্ৰপাতত এজন যুৱকৰ কৰুণ মৃত্যু ঘটাৰ উপৰি এটা পশুধনৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷ ইপিনে দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰি তুলিছে গাওঁবাসীক ৷ গোসাঁইগাৱঁৰ সাধাৰণ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা অবিনাশ মুৰ্মূৱে নিশাৰ আহাৰ গ্ৰহণ কৰি পৰিয়ালৰ লগত নিজ গৃহত শুই থকা সময়ত মুষলধাৰ বৰষুণ আৰু ধেৰেকনী আৰম্ভ হয় ৷

গোসাঁইগাৱঁত বজ্ৰপাতত এজন যুৱকৰ মৃত্যু

উক্ত সময়ত অবিনাশে ঘৰৰ চালখনেৰে পানী ভিতৰলৈ সোমাই অহা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ প্লাষ্টিকেৰে ঢাকি দিয়াৰ চেষ্টা কৰাৰ সময়তে প্ৰচণ্ড ধেৰেকনীৰে বজ্ৰপাত অহাত তৎমূহূৰ্ততে অবিনাশ মাটিত ধলি পৰে ৷ ঘটনাৰ সময়ত অবিনাশৰ পত্নী আৰু তেওঁৰ এমহীয়া কনমানী শিশুটি কথমপি ৰক্ষা পৰে ৷

আনহাতে, চুবুৰীয়াই পৰিয়ালটোৰ আৰ্তনাদ শুনি ঘৰৰ পৰা ওলাই আহে আৰু ১০৮ মৃত্যুঞ্জয় সেৱাযোগে গোসাঁইগাওঁ আৰ এন বি অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে অবিনাশৰ ইতিমধ্যে মৃত্যু হোৱা বুলি সদৰি কৰে ৷ আনহাতে, ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰাত আৰক্ষী বিষয়া ৰাজু মোহন ৰাভা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ৷ দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী অবিনাশৰ মৃত্যুৰ পিছত সম্প্ৰতি পৰিয়ালটো উপায়ন্তৰ হৈ পৰিছে ৷ এমহীয়া কণমানি সন্তানটিক কোলাত তুলি লৈ কান্দোনত ভাঙি পৰিছে দুৰ্ভগীয়া পত্নী ৷ আনহাতেদি যোৱা নিশা সংঘটিত বজ্ৰপাতত গাৱঁখনৰে চায়েদ আলিৰ এটি ডামৰী গৰু পোৱালিৰ মৃত্যু হোৱা বুলিও গাঁওবাসীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত উপস্থিত চেন্নাইৰ পৰা অহা সাতজন শ্ৰমিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.