কোকৰাঝাৰ, 24 ফেব্ৰুৱাৰী : কোকৰাঝাৰৰ সদৰ চহৰৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ পাটগাঁৱৰ ৰাণী খালাইশ্ৰী পথাৰত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশন (62nd session of Bodo Sahitya Sabha begins)। বুধবাৰে নিশা অহা বৰষুণ আৰু ধুমুহাই বিধিপথালি দিয়াত বৃহস্পতিবাৰৰ পুৱাৰে পৰা আৰম্ভ হ’বলগীয়া কাৰ্যসূচী অনুষ্ঠিত হোৱাত কিছু পলম হোৱা পৰিলক্ষিত হয় ৷ প্ৰতিকূল বতৰৰ বাবে অধিবেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী বিয়লি ৪ বজাৰ পাছতহে শুভাৰম্ভ কৰা হয় বুলি জানিবলৈ পৰা গৈছে (Bodo Sahitya Sabha begins in Kokrajhar)৷

পাটগাঁৱৰ সৰলভাঙা নৈৰ পাৰৰ ৰাণী খালাইশ্ৰী পথাৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ মূল তোৰণখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই (IAS Varnali Deka) । ইয়াৰ পিছতে মূল সভাঘৰ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি লৰেঞ্চ ইছলাৰীয়ে (MLA Lawrence Islary) ৷ ইয়াৰ পিছত ক্ৰমান্বয়ে অধিবেশনথলীত প্ৰতিনিধি শিবিৰ, গ্ৰন্থমেলা, প্ৰতিনিধি হ’ল, প্ৰদৰ্শনী, স্বেচ্ছাসেৱকৰ শিৱিৰ আৰু ভোজনালয়কে ধৰি আন দহটাকৈ স্থানৰ দ্বাৰ মুকলি কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে ৷

উল্লেখ্য যে, 23 ফেব্ৰুৱাৰীৰে পৰা আৰম্ভ হোৱা বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক অধিবেশনথলীত এইবাৰ বহিঃৰাষ্ট্ৰ নেপাল, বাংলাদেশৰ প্ৰতিনিধি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । ইয়াৰোপৰি পশ্চিমবংগ, ত্ৰিপুৰা, অৰুণাচল আৰু ৰাজ্যখনৰ বিভিন্ন জিলাৰ তিনি হেজাৰ প্ৰতিনিধি উপস্থিত থাকিব ৷ তদুপৰি, নতুন সমিতি গঠনকে ধৰি বড়ো সাহিত্য সভাৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে প্ৰতিনিধি সভাত স্থান পাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে উদ্যোক্তাসকলে ৷

ইপিনে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ কাৰ্যসূচীৰ মাজতে বড়ো সাহিত্য সভাৰ কোকৰাঝাৰ জিলা সমিতিৰ ৪৮ সংখ্যক অধিবেশনখনি বুধবাৰে এদিনীয়া কাৰ্যসূচীৰে একেটা স্থানতে সম্পন্ন কৰা হয় ৷ উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ অধিবেশনক লৈ আয়োজক সমিতিয়ে অধিবেশনথলী আটক ধুনীয়াকৈ সজাই-পৰাই তুলিছে যদিও প্ৰতিকূল বতৰে আয়োজক সমিতিৰ লগতে সাহিত্য প্ৰেমীসকলক কিছু অসুবিধাত পেলোৱা পৰিলক্ষিত হৈছে (Bodo Sahitya Sabha Conference in Kokrajhar) ।

অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে এই প্ৰসংগত মন্তব্য আগবঢ়াই কয় যে, বতৰে কিছু বিধিপথালি দিলেও আয়োজক সমিতিয়ে অতি তৎপৰতাৰে মেৰামতিৰ কাম সম্পূৰ্ণ কৰি তুলিছে । বড়ো সাহিত্য সভাৰ অধিবেশনত বহু লোকৰ সমাগম হ'ব বুলি আশা ব্যক্ত কৰি আয়োজক সমিতিৰ সভাপতি লৰেন্স ইছলাৰীয়ে কয় যে অধিবেশন উপলক্ষে অনুষ্ঠিত হ'ব লগা মুকলি সভাত উদ্বোধক হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য অতিথি হিচাপে নতুন দিল্লীৰ জেষ্ঠ্য সাংবাদিক তথা সাহিত্যিক আলোক মেহতা উপস্থিত থাকিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । অধিবেশনখন সৰ্বাংগ সুন্দৰ হোৱাৰ লগতে এখন অন্যতম সফল অধিবেশন হিচাপে পৰিগণিত হ'ব বুলিও আশা প্ৰকাশ কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে ৷
লগতে পঢ়ক : Sangeet Natok Academy 2022 : সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজাই গ্ৰহণ কৰিলে সংগীত নাটক অকাডেমী বঁটা