কৰিমগঞ্জ, 21 এপ্ৰিল : কৰিমগঞ্জৰ বদৰপুৰত অঘটন ৷ বৃহস্পতিবাৰে পুৱা বদৰপুৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident at Badarpur) ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় অট’ৰিক্সাত অহা দুই আৰোহী আৰু গুৰুতৰভাৱে আহত হয় এজন অট’চালক ৷
নিহত দুই ব্যক্তি কালাইনৰ বিহাৰাৰ মুজিবুৰ ৰহমান আৰু মহম্মদ জয়নাল বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি, নিহত দুইজন ব্যক্তিয়ে পেচাত আছিল মৎস্য ব্যৱসায়ী ৷ কৰিমগঞ্জৰ পৰা মাছ ক্ৰয় কৰি কালাইন বজাৰত বিক্ৰী কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা পুৱাই ওলাই আহিছিল নিহত দুই মাছ ব্যবসায়ীয়ে ৷
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথত AS 10 C 1915 নম্বৰৰ অট’ৰিক্সাৰ সৈতে NL 01 AE 6677 নম্বৰৰ এখন ট্ৰেইলাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ ঘটে ৷ ফলত থিতাতে ওলোটাকৈ বাগৰি পৰে অট’খন ৷ তাৰ পাচতেই স্থানীয় ৰাইজৰ তৎপৰতাত দুৰ্ঘটনাগ্ৰস্ত অট’খনৰ পৰা উদ্ধাৰ কৰা হয় চালকসহ আন দুই যাত্ৰীক ৷ কিন্তু তেতিয়ালৈকে মৃত্যু ঘটে দুই যাত্ৰীৰ ৷
আনহাতে, সংকটজনক অৱস্থাত চালকজনক ভৰ্তি কৰোৱা হয় শিলচৰ মেডিকেল কলেজ হাস্পতালত ৷ এই ঘটনাক কেন্দ্ৰ কৰি পুৱাই অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতি ৷ লগে লগে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বদৰপুৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আৰু জব্দ কৰে দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন ৷
লগতে পঢ়ক : Road accident in Sepan : চেপনত ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত এজন