কৰিমগঞ্জ,7 এপ্ৰিলঃ ক্ৰমাৎ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিয়পিব ধৰিছে কৰ’ণা ভাইৰাছ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমে মণিপুৰ, পৰৱৰ্তী পৰ্যায়ত মিজোৰাম আৰু অসম আৰু বৰ্তমান ত্ৰিপুৰাত চিনাক্ত হৈছে প্ৰথম গৰাকী Covid 19 পজিটিভ ৰোগী । ইতিমধ্যে ত্ৰিপুৰাৰ ৰোগী গৰাকীৰ গুৱাহাটী মহানগৰীৰ সৈতে সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছে । এই সম্পৰ্কত ত্ৰিপুৰা চৰকাৰৰ ফালৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি,আক্ৰান্ত মহিলা গৰাকী পৰিয়ালৰ সৈতে কামাখ্যা মন্দিৰলৈ গৈছিল ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ বিগত 18 মাৰ্চত ৰে’লযোগে পৰিয়ালৰ আটাইকেইজন সদস্য ত্ৰিপুৰাৰ চিপাহী জিলাত থকা নিজৰ ঘৰলৈ উভতি যায় ৷ ইয়াৰ কিছুদিনৰ পিছত মহিলা গৰাকী অসুস্থ হৈ পৰে ৷ সেয়ে মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় আগৰতলাৰ জিবিপি চিকিৎসালয়ত । মহিলাগৰাকীৰ শাৰিৰীক নমুনা পৰীক্ষাৰ অন্তত দেওবাৰে Covid 19 ৰ উপস্থিতি ধৰা পৰা বুলি ত্ৰিপুৰা চৰকাৰে সদৰি কৰে ৷
আক্ৰান্ত মহিলাগৰাকীৰ শৰীৰত কৰ’ণাৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 18 মাৰ্চৰ পূৰ্বে গুৱাহাটীত ভাইৰাছবিধৰ উপস্থিতি সম্পৰ্কে সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ইতিমধ্যে ত্ৰিপুৰা চৰকাৰে ৰোগীগৰাকীৰ ভ্ৰমণৰ সকলো তথ্য যুগুত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷
লগতে চাওকঃ ১৫ এপ্ৰিলৰ পৰা বুকিং কৰিব পাৰিব GoAir বিমানঃ মুখপাত্ৰ