ETV Bharat / state

কৰিমগঞ্জত চোৰৰ সন্ত্ৰাস : অসম গ্ৰামীণ বিকাশ বেংকত চলালে লুটপাত - thief

সঘন চুৰিকাণ্ডত অতিষ্ঠ কৰিমগঞ্জৰ ৰাইজ ৷ অসম গ্ৰামীণ বিকাশ বেংকত মঙলবাৰে নিশা চুৰে চলালে লুটপাত ৷

কৰিমগঞ্জত চোৰৰ সন্ত্ৰাস
author img

By

Published : May 22, 2019, 5:40 PM IST

কৰিমগঞ্জ, 22 মে' : কৰিমগঞ্জত সঘনাই সংঘটিত হোৱা চুৰিকাণ্ডত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । কৰিমগঞ্জ চহৰৰ কানিশাইলত অৱস্থিত অসম গ্ৰামীণ বিকাশ বেংকত মঙলবাৰে নিশা চুৰে চলালে লুটপাত ৷ বেংকৰ সকলো দ্বাৰৰ তলা ভাঙি বেংকৰ ভিতৰত প্ৰৱেশ কৰি চোৰে তচনচ কৰে বেংকত থকা আলমাৰিসমূহ । যদিও চোৰে বেংকৰ পৰা নিব নোৱাৰিলে ধন ৷ ইপিনে দিনৰ প্ৰায় 11টা বজাত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে চুৰিকাণ্ডৰ তদন্ত ।

কৰিমগঞ্জত চোৰৰ সন্ত্ৰাস

উল্লেখ্য যে, কৰিমগঞ্জ চহৰত সঘনাই চলি আহিছে চুৰিকাণ্ডৰ ঘটনা ৷ বিগত কেইটামান দিনত চহৰৰ বহু আবাসিক ঘৰ, ম'বাইলৰ দোকান, মন্দিৰৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত চোৰে সন্ত্ৰাস চলোৱাৰ লগতে চুৰি কৰি লৈ গৈছে বহু কেইখন বাইক ৷ যদিও এই চুৰিকাৰ্যৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

Intro:Body:SLUG: SEVERAL THEFT INCIDENT, PUBLIC DISTRUSTFUL ON POLICE, KARIMGANJ
কৰিমগঞ্জত সঘনাই চুৰিকাণ্ড অতিষ্ঠ কৰি তোলিছে ৰাইজক । আস্থা হেৰুৱাইছে আৰক্ষীৰ উপৰত । প্ৰায় প্ৰতিনিয়ত চোৰকাৰ্য্যয় দিশাহাৰ হৈ উছিছে কৰিমগঞ্জ চহৰৰ ৰাইজ । কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাত চোৰকাৰ্য্যৰ বিৰুদ্ধে নিজে ব্যবস্থা লোৱাৰ বাৱে ৰাইজে ভাবুকি দিছে ।
প্ৰায় প্ৰতিদিনৰ দৰেই আজিও পোৱাৰ ভাগত এটা চোৰকাণ্ড পোহৰলৈ আহে । কৰিমগঞ্জ চহৰৰ কানিশাইলত থক৪া অসম গ্ৰামীন বিকাশ বেংকত সংঘটিত হয় এই চোৰকাণ্ড । বেংকৰ সকলো দ্বাৰৰ তলা ভাঙি চোৰ সোমায় বেকংৰ ভিতৰত । তছনত কৰে বেংকত থকা আলমাৰি সমূহ । কেছ্ লকাৰৰ হ্যাণ্ডল ভাঙিলেও অবশ্য তলা ভাঙিব নোৱাৰি নিব পৰা নাই নগত টকা । দিনৰ প্ৰায় ১১টা বজাত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । বেংকখনৰ মেনেজাৰ আৰু আৰক্ষীয়ে চোৰকাণ্ড সন্ধৰ্ভত তথ্য ডাঙি ধৰে ।
যোৱা তিনিটা মাহ ধৰি এনেদৰে কৰিমগঞ্জ চহৰত প্ৰতিনিয়ত চলি আছে চোৰকাণ্ড । আবাসিক ঘৰ, মোবাইলৰ দোকান, মন্দিৰৰ পৰা আৰম্ভ কৰি কেইবাটাও বাইক চুৰি হৈছে এই কেইদিনত । আনকি আৰক্ষীৰ ঘৰতো অভিযান চলাইছিল নিশিকুটুম্বৰ দলে । যোৱা কেইদিন পূৰ্বে কৰিমগঞ্জৰ ৰবীন্দ্ৰ সদন বালিকা কলেজত চিচি কেমেৰাৰ লাইন কাটি দীৰ্ঘ সময় অভিযান চলায় । কলেজটোৰ বাইক ষ্টেণ্ডত হেণ্ডেল লোক ভাঙি আৰু নাম্বাৰ প্লেইট খুলি আনটো বাইকৰ ব্যাটাৰি লগাই দুটাকৈ বাইক চোৰ কৰি লৈ যায় । প্ৰায় প্ৰতিনিয়ত এনে চোৰকাম্ড সংঘটিত হোৱাৰ পাছতো কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা পালন কৰি আছে । অধিকাংশ চোৰকাণ্ডৰ সৈতে জড়িত চোৰক কৰায়ত্ব কৰি সুৰাহা কৰিব পাৰা নাই আজিলৈকে । যাৰ বাৱে চোৰৰ মনোবল অধিক বৃদ্ধি হৈছে বুলি ভাৱে ৰাইজে ।
আৰক্ষীৰ এনে ভূমিকা লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বজৰং দলৰ সদস্যয় । প্ৰশাসনক জগৰিয়া কৰি কয়, কৰিমগঞ্জ সদৰ থানাৰ ওচি মহোদয়ক কেতিৱাও দেখাই নেযায় । আৰক্ষীয়ে সুৰক্ষা দিব নোৱাৰিয়ে তেওঁলোকে আগুন্তুক দিনত ব্যবস্থা লব বুলি ভাবুকি পৰদান কৰে ।
কৰিমগঞ্জৰ এগৰাকি সমাজ কৰ্মীৰো একেই কথা । কৰিমগঞ্জত বৃদ্ধি পোৱা চোৰকাণ্ড লৈ আশংকা প্ৰকাশ কৰি কয়, কৰিমগঞ্জত আৰক্ষী প্ৰশাসন আছে নে নাই এয়া লৈও কেতিৱাবা সন্দেহ হয় । যোৱা দুমাহ ধৰি সঘনাই চোৰকাৰ্য বৃদ্ধি পাইছে, আনকি আৰক্ষীৰ ঘৰতো চোৰ হৈ আছে । এনেদৰে চোৰি হৈ থকাৰ ফলত আৰক্ষীৰ উপৰত আস্থা ৰখাটো টান হৈ যাব । চহৰত টাউন দাৰগো আৰু ওচি চাহাব আছে নে নাই এয়াও কোৱা টান হৈ উঠিছে । Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.