ETV Bharat / state

Rohingyas held in Karimganj: হোৱাটছএপ গ্ৰুপত পাকিস্তান জিন্দাবাদ ধ্বনি দি গ্ৰেপ্তাৰ সন্দেহযুক্ত ৰোহিংগীয়া

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:59 PM IST

কৰিমগঞ্জত গ্ৰেপ্তাৰ তিনিজন সন্দেহযুক্ত ৰোহিংগীয়া ৷ হোৱাটছএপ গ্ৰুপত পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল যুৱককেইটাই । স্থানীয় লোকে আটক কৰি চমজাই দিয়ে আৰক্ষীক ৷

Rohingyas held in Karimganj
হোৱাটছএপ গ্ৰুপত পাকিস্তান জিন্দাবাদ ধ্বনি দি গ্ৰেপ্তাৰ সন্দেহযুক্ত ৰোহিংগীয়া

কৰিমগঞ্জ, ৩০ আগষ্ট: কৰিমগঞ্জ আৰক্ষীয়ে বুধবাৰে তিনি সন্দেহযুক্ত ৰোহিংগীয়াক গ্ৰেপ্তাৰ কৰে ৷ কৰিমগঞ্জ চহৰৰ স্থানীয় লোকে সন্দেহবশত তিনিওকে আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷ ধৃত যুৱক তিনিটাই দিয়া স্বীকাৰোক্তিৰ ভিত্তিত তেওঁলোক পশ্চিমবংগৰ পৰা অহা বুলি জানিব পৰা হৈছে ৷ ইয়াৰে দুটাৰ নাম সৰফৰাজ আলী আহমেদ আৰু ছাৰফৰাজ মহম্মদ বুলি জানিব পৰা হৈছে ৷ কিন্তু তৃতীয় যুৱকৰ নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই ।

কৰিমগঞ্জ চহৰৰ বনমালি অঞ্চলৰ টেলিফোন এক্সচেঞ্জৰ সমীপৰ এখন গহনা দোকানত হোৱাটছএপ গ্ৰুপৰ জৰিয়তে ক্ৰিকেট সম্পৰ্কে আলোচনা কৰি থকা সময়তে এজন যুৱকে হোৱাটছএপ গ্ৰুপত পাকিস্তানৰ সমৰ্থনত পাকিস্তান জিন্দাবাদক কণ্ঠদান কৰে । ওচৰতে থকা আন এজন যুৱকে এই ঘটনা প্ৰত্যক্ষ কৰি আশে-পাশে থকাসকলক এই বিষয়ে অৱগত কৰে ৷

মুহূৰ্তৰ ভিতৰতে গহনা দোকানখনত স্থানীয় লোক উপস্থিত হৈ ঘেৰাও কৰাত তেওঁলোক ৰোহিংগীয়া হোৱাৰ তথ্য পোহৰলৈ আহে ৷ গহনা দোকানত কৰ্মৰত কৰ্মচাৰীজনক পৰিচয় জানিব বিচৰাত ৰাইজৰ জেৰাত তেওঁ নিজকে পশ্চিমবংগৰ হুগলী জিলাৰ বাসিন্দা বুলি পৰিচয় দিয়ে । কিন্তু তেওঁলোকক জাতীয় সংগীত গাবলৈ কোৱাত তিনিওজনেই জাতীয় সংগীত পৰিবেশন কৰাত ব্যৰ্থ হয় । ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হয় ৷

প্ৰত্যক্ষদৰ্শী তথা নগৰ পাৰিষদ বিক্ৰম দাসে কয়, পাকিস্তানৰ নামত ভাৰতীয়ই কেতিয়াও জীৱন দিব নোৱাৰে । গহনাত কৰ্মৰত তিনি যুৱক হয় বাংলাদেশৰ বাসিন্দা নহয় ৰোহিংগীয়া । তেওঁলোকে লগে লগে এই বিষয়ে আৰক্ষীক অৱগত কৰে ৷ ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সন্দেহযুক্ত ৰোহিংগীয়া তিনিটাক থানালৈ লৈ যায় । সম্প্ৰতি কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে তিনিওৰে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশত সোণৰ বিস্কুটৰ সৈতে দুই ৰোহিংগীয়াক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.