ETV Bharat / state

অসম আৰক্ষীলৈ চেলেঞ্জ বিধায়ক আজিজ আহমেদ খানৰ

author img

By

Published : Sep 20, 2020, 6:40 PM IST

নিলামবজাৰ আৰক্ষীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰি বিধায়ক আজিজৰ অসম আৰক্ষীলৈ চেলেঞ্জ ৷ '' আমি মাস্ক পৰিধান কৰা নাই , অসম আৰক্ষীৰ ক্ষমতা থাকিলে আমাক জৰিমনা বা গেপ্তাৰ কৰক ৷ ''

south karimganja mla  aziz ahmed  khan challange assam police
অসম আৰক্ষীলৈ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰ চেলেঞ্জ

কৰিমগঞ্জ,20 ছেপ্তেম্বৰঃ দক্ষিণ কৰিমগঞ্জৰ বিধায়কৰ ভতিজাকে মাস্ক পৰিধান নকৰা বাবে নিলামবজাৰ আৰক্ষীয়ে জৰিমনা বিহাক কেন্দ্ৰকৰি বিধায়ক আজিজ আহমেদ খান আৰু নিলামবজাৰ আৰক্ষীৰ মাজত বাক-যুদ্ধ অব্যাহত ৷ নিলামবজাৰ আৰক্ষীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰি বিধায়ক আজিজৰ অসম আৰক্ষীলৈ চেলেঞ্জ ৷ ''আমি মাস্ক পৰিধান কৰা নাই , অসম আৰক্ষীৰ ক্ষমতা থাকিলে আমাক জৰিমনা বা গেপ্তাৰ কৰক ৷'' সম্প্ৰতি সমগ্ৰ ঘটনাক কেন্দ্ৰকৰি দক্ষিণ কৰিমগঞ্জ সমষ্টিত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

স্থানীয় ৰাইজৰ অভিযোগ মতে, নিলামবজাৰ আৰক্ষীয়ে মাস্ক পৰিধান নকৰা ব্যক্তি সকলৰ বিৰুদ্ধে অভিযান চলাইছিল নিলাম বজাৰত ৷ সেই সময়তে মাস্ক পৰিধান নকৰি দক্ষিণ কৰিমগঞ্জৰ বিধায়কৰ ভতিজা বুলি পৰিচয় দিয়ে এজন যুৱকে ৷ আৰক্ষীয়ে মাস্ক পৰিধান নকৰাৰ বাবে যুৱক জনৰ পৰা 500 টকাৰ জৰিমনা লয় ৷ সমগ্ৰ ঘটনা সন্দৰ্ভথ জানিব পাৰি কিছু সময়ৰ পিছতে মাস্ক পৰিধান নকৰাকৈ ঘটনাস্থলীত উপস্থিত হয় বিধায়ক আজিজ আহমেদ খান ৷ বিধায়ক আজিজ আহমেদে ভতিজাকৰ পৰা জৰিমনা লোৱাক কেন্দ্ৰকৰি আৰক্ষীৰ লগত বাক-বিতণ্ডাত লিপ্ত হয় ৷ এগৰাকী বিধায়কে আইন অমান্য কৰি আৰক্ষীৰ লগত ৰাজপথত বাক- বিতণ্ডাত লিপ্ত হোৱা ঘটনাই স্থানীয় ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে ৷

লগতে পঢ়কঃ অচিনাক্ত কীটে এফালৰ পৰা ধ্বংস কৰিছে খেতিৰ ফচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.