ETV Bharat / state

বদৰপুৰত চৰগোলা ঘোৰামাৰা গাওঁ পঞ্চায়তত ব্যাপক দুৰ্নীতি

প্ৰধান মন্ত্ৰী কৃষি কল্যাণ নিধি আঁচনিৰ জৰিয়তে প্ৰস্তুত কৰা হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে এঘাৰ গৰাকী মৃত ব্যক্তিৰ নাম ৷ লগতে বহু চৰকাৰী চাকৰিয়ালৰ নাম কৃষি কল্যাণ নিধি আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ লগতে বহু ভুৱা নাম অন্তৰ্ভক্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷

Scam in PNRD schame at Sargula ghuramora gaonpanchayat of Badarpur
বদৰপুৰত চৰগোলা ঘোৰামাৰা গাওঁ পঞ্চায়তত ব্যাপক দুৰ্নীতি
author img

By

Published : May 28, 2020, 5:00 PM IST

বদৰপুৰ, 28 মে': লক ডাউনৰ মাজতে ৰাজ্যজুৰি দৰিদ্ৰ হিতাধিকাৰীৰ চৰকাৰী সাহাৰ্য বিতৰণত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ বহু নেতা পালিনেতাৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৷ ইয়াৰ মাজতে পুনৰ পোহৰলৈ আহিছে কৰিমগঞ্জৰ বদৰপুৰ বিধানসভা সমষ্টিৰ চৰগোলা ঘোৰামাৰা গাওঁ পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ৷ প্ৰধান মন্ত্ৰী কৃষি কল্যাণ নিধি আঁচনিৰ জৰিয়তে প্ৰস্তুত কৰা হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে এঘাৰ গৰাকী মৃত ব্যক্তিৰ নাম ৷ লগতে বহু চৰকাৰী চাকৰিয়ালৰ নাম কৃষি কল্যাণ নিধি আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ লগতে বহু ভুৱা নাম অন্তৰ্ভক্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷

বদৰপুৰত চৰগোলা ঘোৰামাৰা গাওঁ পঞ্চায়তত ব্যাপক দুৰ্নীতি

উল্লেখে যে, প্ৰধান মন্ত্ৰী কৃষি কল্যাণ নিধি আঁচনিৰ অধীনত পঞ্চায়তটোৰ অন্তৰ্গত 200 জন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিছিল পঞ্চায়টোৰ কৰ্মচাৰী তথা বিষয়া সকলে ৷ কিন্তু ইয়াৰ মাজৰে বেছি সংখ্যকেই কৃষি কৰ্মৰ লগত জড়িত নথকাৰ অভিযোগ ৰাইজৰ ৷ লগতে হিতাধীকাৰীৰ তালিকতা বহু চৰকাৰী চাকৰিয়ালৰ লগতে একে পৰিয়ালৰে দুই তিনিজন লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যেই জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়কক লিখিত অভিযোগ দাখিল কৰিছে স্থানীয় ৰাইজে ৷ এতিয়া প্ৰশাসনে ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষনীয় ৷

লগতে পঢ়কঃ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলসমূহ হ'ব কোৱাৰেণ্টাইন চেন্টাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.