ETV Bharat / state

কৰিমগঞ্জত বাৰ খোলাক লৈ উত্তপ্ত পৰিস্থিতি - কৰিমগঞ্জ

কৰিমগঞ্জত বাৰ খোলাক কেন্দ্ৰ কৰি সংঘটিত এক মাৰপিটৰ ঘটনা ৷ ইতিমধ্যে উক্ত ঘটনা সংঘটিত কৰা লোক জনৰ বিৰুদ্ধে ৰাইজে কৰিমগঞ্জ আৰক্ষী চকীত ৰুজু কৰিলে এটা গোচৰ ৷

Public Protest Agains Police At Karimganj
কৰিমগঞ্জত বাৰ খোলাক লৈ উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jun 25, 2020, 6:43 PM IST

কৰিমগঞ্জ, 25 জুনঃ কৰিমগঞ্জ চহৰত বাৰ খোলাক লৈ এজন যুৱকক আক্ৰমণ কৰে তনুজ ৰায় নামৰ এজন লোকে ৷ ইতিমধ্যে উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

কৰিমগঞ্জত বাৰ খোলাক লৈ উত্তপ্ত পৰিস্থিতি

কৰিমগঞ্জ চহৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ চহৰ খনৰ সৰিষা এলেকাত বাৰ খোলাৰ বাবে অনুমতি প্ৰদান কৰাৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত বাৰখন খোলাক লৈ বুধবাৰে নিশা তনুজ ৰায় নামৰ লোক জনে অনুজ ৰায়ক প্ৰহাৰ কৰে বুলি জানিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে উক্ত ঘটনাটোৰ বাবে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ ইতিমধ্যে উত্তেজিত ৰাইজে উক্ত ঘটনাটোৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷ লগতে অতি শীঘ্ৰে ঘটনাটোৰ লগত জড়িত অভিযুক্ত তনুজ ৰায়ক আটক কৰি উপযুক্ত শাস্তি দিবলৈ দাবী তোলে স্থানীয় ৰাইজে ৷

আনহাতে, ৰাইজে এজাহাৰ দিয়াৰ পিছতো তনুজ ৰায়ক আৰক্ষীয়ে আটক নকৰাত ক্ষুব্ধ হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে স্থানীয় লোক সকলে ৷ ঘটনাস্থলীত কৰিমগঞ্জ আৰক্ষী উপস্থিত হৈ অভিযুক্তক আটক কৰাৰ আশ্বাস প্ৰদানৰ কৰাৰ পিছতেই ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰি দিয়ে উত্তেজিত ৰাইজে ৷

লগতে পঢ়ক- ওদালগুৰিৰ আমিন পাৰাত জব্দ নিষিদ্ধ হেৰ'ইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.