কৰিমগঞ্জ , 6 ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান(Anti Drugs Mission) চলোৱাৰ সময়তে কৰিমগঞ্জৰ বদৰপুৰত শনিবাৰে নিশা জব্দ হ'ল বৃহৎ পৰিমাণৰ ড্ৰাগছ(Drug seized at Karimganj)৷ গোপন সূত্ৰৰ পম খেদি বদৰপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত ভাংগা ওৱাচ পোষ্টাৰ আই,সি প্ৰণব মিলিয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছ সহ দুই কুখ্যাত সৰবৰাহকাৰীক(Operation against drugs) ।
বদৰপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ কৰা হয় বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ(Psychotropic Drugs Seized at Karimganj) ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য হৈছে প্ৰায় 1 কোটি টকা ৷
উল্লেখ্য যে, জব্দকৃত সামগ্ৰীখিনি বদৰপুৰৰ পৰা AS10 Ac 1849 গাড়ীৰে সৰবৰাহৰ সময়ত ভাংগাৰ ভাৰত বাংলাদেশ সীমান্তত জব্দ কৰে আৰক্ষীয়ে ইয়াৰ লগতে আৰক্ষীয়ে আটক কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰীক(Drug Peddler arrested by Badarpur police)৷ আটকাধীন দুয়োৰো ঘৰ বদৰপুৰ সমষ্টিত বুলি জানিব পৰা গৈছে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে বোন্দাশীল গাঁৱৰ সোহেল আহমেদ আৰু উমৰপুৰ গাঁৱৰ শামিম উদ্দিন ।
উল্লেখ্য যে আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছ মাফিয়াই বিভিন্ন কৌশলেৰে অঞ্চলটোত দীৰ্ঘদিনে চলাই আহিছিল এই ব্যৱসায় ৷
লগতে পঢ়ক : Anti drugs operation by Assam police: ৰাজ্যৰ কেইবাটাও স্থানত ড্ৰাগছসহ সৰবৰাহকাৰী আটক