কৰিমগঞ্জ, 8 নৱেম্বৰ : হাৰিয়ানাত নিকিতাৰ হত্যা আৰু বাংলাদেশত হিন্দু লোকক হত্যা কৰাৰ প্ৰতিবাদত কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ দুই সংগঠনৰ ৷ বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে অসম ত্ৰিপুৰা সীমান্তৱৰ্তী কদমতলা বজাৰত প্ৰতিবাদী সমদল বাহিৰ কৰে । দুই সংগঠনৰ কৰ্মীসকলৰ লগতে এই প্ৰতিবাদত বহুসংখ্যক লোক উপস্থিত আছিল ৷ বিগত মাহৰ হাৰিয়ানাত লাভ জেহাদৰ বলি হোৱা নিকিতাক ন্যায় প্ৰদান কৰাৰ লগতে দোষীক ফাঁচী দিয়াৰ দাবীত আৰু নিহতৰ পৰিয়ালক আৰ্থিক সাহায্যৰ দাবীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷
লগতে পঢ়ক : কৰিমগঞ্জত বজৰং দলে প্ৰতিমূৰ্তি দাহ কৰিলে আজমলৰ