কৰিমগঞ্জ, 30 আগষ্ট : জলাশয়ত উদ্ধাৰ সন্ধাহীন যুৱকৰ মৃতদেহ ৷ শনিবাৰে ত্ৰিপুৰাৰ ধৰ্মনগৰৰ চুড়াইবাৰী অঞ্চলৰ এটা জলাশয়ত গা ধুবলৈ গৈছিল ছজন যুৱক ৷ তাৰে দুজন বন্ধুৱে সাঁতোৰাৰ উদ্দেশ্য পানীত নামে যদিও সঞ্জিৎ সিন্হা নামৰ যুৱকজন অলপ দূৰ সাঁতোৰাৰ পাচতে নিখোজ হয় ৷ লগৰ বাকী পাঁচজন বন্ধুৱে যুৱকজনক উদ্ধাৰৰ বাবে চেষ্টা চলায় যদিও ব্য়ৰ্থ হয় ৷ ঘটনাস্থলীত স্থানীয় লোক গোট খায় যদিও যুৱক জনক কোনোমতেই পানীৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে তেওঁলোকে ৷ অৱশেষত খবৰ দিয়া হয় চুড়াইবাৰী থানা আৰু প্ৰেমতলা অগ্নিনিৰ্বাপক বাহিনীক ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান চলায় যদিও উদ্ধাৰ অভিযান ব্যৰ্থ হয় ৷
তাৰ পাচতে কৈলাশ চহৰত থকা এন ডি আৰ এফ বাহিনীক খবৰ দিয়া হয় ৷ তেওঁলোকে আহি প্ৰচণ্ড বৰষুণৰ মাজতে নিশালৈকে অভিযান চলায় ৷ কিন্তু প্ৰথম চেষ্টা ব্যৰ্থ হোৱাত দেওবাৰে পুনৰ অভিযান চলায় প্ৰায় 40 ফুট গভীৰতাৰ পৰা উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ ৷ ধৰ্মনগৰৰ ৰাজবাৰীৰ মাণ্ডপপাৰাৰ বাসিন্দা সঞ্জিৎ পেছাত এগৰাকী ব্যক্তিগতখণ্ডৰ বেংক কৰ্মচাৰী ৷ মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল যুৱকজন ৷ চুড়াইবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত দাসে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কোদমতলা হাস্পতাল লৈ প্ৰেৰণ কৰিছে । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেঙেলী মাছৰ লগত তুলনা কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে